ৰিমুভাৰ এৰক, ঘৰুৱা পদ্ধতি লওক, নখ ভালে থাকিব সদায়
নেইল পলিচ আঁতৰাবলৈ হয়তো সদায়ে আপুনি নেইল ৰিমুভাৰৰ ব্যৱহাৰ কৰি আহিছে। পাছে এই নেইল ৰিমুভাৰৰ ব্যৱহাৰৰ ফলত বেয়া হ’বলৈ ধৰে নখ সমূহ।
ৰিমোভাৰ ব্যৱহাৰৰ ফলত নখৰ ৰং পাতল হোৱাৰ লগতে ভংগুৰো হৈ পৰিব নখ সমূহ। কেতিয়াবা আকৌ ৰাসায়নিক পদাৰ্থ থকা নেলপলিচ ৰিমুভাৰৰ ব্যৱহাৰে আপোনাৰ নখত বেয়া প্ৰভাৱো পেলায়।
এনে পৰিস্থিতিত আমি কিছুমান ঘৰুৱা পদ্ধতিৰে নেইল পচিল আঁতৰাব পাৰো। যাৰ ফলত নখৰ কোনো ক্ষতি নহয়, বৰঞ্চ নখৰ গুণাগুণ একেই থাকে।
– পাৰফিউম ব্যৱহাৰ কৰি নখৰ পৰা নেইপলিচ আঁতৰাই পেলাব পাৰি। পাৰফিউমত ২০ৰ পৰা ২৫% এলক’হল থাকে, যাৰ সহায়ত নখৰ পৰা নেইলপলিচ সহজে আঁতৰাই পেলাব পাৰি।
– নেমু আৰু বেকিং চোডাৰ দ্বাৰাও নেইলপলিচ আঁতৰাই পেলাব পাৰি। নেমুত কেলচিয়াম, পটাছিয়াম, ফাইবাৰ আদি বহুতো পুষ্টিকৰ উপাদান থাকে, যাৰ ফলত নখ ভাল হয়।
– ৫ মিনিট মান সময় গৰম পানীত ডুবাই ৰাখিব লাগে। তাৰ পিছত নেইল পলিচ ৰিমুভাৰ লগোৱাৰ দৰে নখত নেমু লগাওক।
-নাইবা নেইলপলিছৰ সহায়তো নখৰ ৰং আঁতৰাব পাৰি। ইয়াৰ বাবে আপুনি যিকোনো পুৰণি নেলপলিচ নখত লগাওক আৰু লগে লগে কপাহেৰে নখ পৰিষ্কাৰ কৰক। দেখিব নতুনৰ লগতে পুৰণি নেইলপলিচৰ ৰঙো নোহোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ