অসম লাইভ২৪ঃ বাক্সাৰ শালবাৰী তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নাৰায়নগুৰিত অঘটন ।
বাঁহবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়নগুৰিত বেকী নৈত পৰি ৩ যুৱকৰ কৰুণ মৃত্যু৷
বুধবাৰে সন্ধিয়া AS-15 L 5825 নম্বৰৰ EON বাহনেৰে ৩ বন্ধু আহিছিল নাৰায়নগুৰিৰ বেকী নৈৰ পাৰত।
নিশা বাহনখনত উদ্ধাৰ হৈছিল মোবাইল ফোন, কাপোৰ, চেণ্ডেল।
নিশাই স্থানীয় ৰাইজৰ সহযোগত বাঁহবাৰী আৰক্ষীয়ে উদ্ধাৰ অভিযান চলায় যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷
আজি পুৱা ইয়াৰে ৰাজ সাহাৰ মৃতদেহ বেকী নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় ।
মৃত্যু যুৱক তিনিজন ক্ৰমে বৰপেটা ৰোডৰ ৰাজ সাহা, অভিজিৎ কৰ্মকাৰ আৰু দ্বীপ সাহা৷
ইয়াৰে ৰাজ সাহা আৰু দ্বীপ সাহা দুই ভাই ককাই বুলি জানিব পৰা গৈছে ।
কেনেদৰে এই মৰ্মান্তিক ঘটনা সংঘটিত হ’ল এতিয়ালৈ স্পষ্ট হোৱা নাই ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ