কোন প্ৰকৃত দোষী! দেশ কঁপাই যোৱা বাংগালুৰু ঘটনাৰ অভিযুক্তৰ নিহতৰ পাছতে নতুন তথ্য
বাংগালুৰুৰ ২৯ বছৰীয়া মহালক্ষ্মীৰ হত্যা কৰি ৫৯ টুকুৰা কৰি ফ্ৰীজত ভৰোৱা ঘটনাৰ নতুন তথ্য সদৰি। মহালক্ষ্মীক হত্যা কৰাৰ পিছত অভিযুক্ত মুক্তিৰাজন নিজৰ ঘৰলৈ গৈছিল। ঘৰ পোৱাৰ লগে লগে মাতৃৰ আগত প্ৰাকশ কৰিছিল হত্যাকাণ্ডৰ কথা।
কিয় মহালক্ষ্মীক হত্যা কৰিছিল সেয়াও কৈছিল মাকক। অভিযুক্ত মুক্তিৰাজনে মাতৃক সঁচা কথা কৈ ঘৰৰ পৰা ওলাই আহি আত্মহত্যা কৰিছিল। ওড়িশাৰ ভদ্ৰক জিলাৰ ভূইমপুৰ গাঁৱৰ সমীপত মৃতদেহ উদ্ধাৰ হৈছিল মুক্তিৰাজনৰ।
মুক্তিৰাজনৰ মাতৃয়ে জনোৱা মতে, মঙলবাৰে নিশা ১০ বজাৰ ওচৰত মুক্তিৰাজন ঘৰলৈ আহিছিল। বহুত ভাগৰুৱা যেন দেখা গৈছিল পুত্ৰক। আহিয়ে মাকক কৈছিল তেওঁৰ ভুল হৈছে। মাকে সোধোতে কৈছিল- বেংগালুৰুত এগৰাকী মহিলাক হত্যা কৰাৰ কথা। মাতৃগৰাকীয়ে কয় যে মুক্তিৰাজনক হত্যাৰ কাৰণ সোধাত তেওঁ কয় যে মহালক্ষ্মীয়ে তাৰ সকলো ধন আৰু সোণৰ চেইন সকলো লৈ গৈছিল।
মুক্তিৰাজনৰ মাতৃয়ে আৰু কয় যে এই ঘটনাৰ কিছুদিন পূৰ্বে একাংশ যুৱকে যুৱতীগৰাকীৰ নিৰ্দেশত তেওঁক ভাবুকি দিছিল। ইয়াৰ পিছত তেওঁ মহিলাগৰাকীৰ ঘৰলৈ যায় য’ত দুয়োৰে মাজত কাজিয়া হয়। মুক্তিৰাজনে কয় যে তেতিয়াই মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰে।
মাকে লগতে ইয়াকো কয় যে, মুক্তিৰাজনে যুৱতীক হত্যা কৰাৰ কথা কয় যদিও, মৃতদেহটো টুকুৰা-টুকুৰ কৰাৰ কথা একো নকয়। ঘটনাৰ বিষয়ে জনাৰ পিছত হতভম্ব হৈ পৰে মাতৃ। পিছদিনা পুৱা ৪ মান বজাত শুৱাৰ পৰা উঠি এগিলাছ পানী খাই ঘৰৰ পৰা আলাই আহে।
পাছত আৰক্ষীয়ে মুক্তিৰাজনৰ মৃতদেহ উদ্ধাৰ কৰে। লগতে উদ্ধাৰ কৰে চুইচাইড নোট। বেংগালুৰু আৰক্ষীয়ে ভদ্ৰক জিলাৰ ধুছুৰি আৰক্ষী থানাত উপস্থিত হৈ নথি-পত্ৰ সংগ্ৰহ কৰে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, তিনি পৃষ্ঠাৰ চুইচাইড নোটখনত মুক্তিৰাজনক কিদৰে যুৱতীগৰাকীয়ে ধনৰ বাবে শোষণ কৰিছিল সেয়া লিখাৰ লগতে যুৱতীগৰাকীৰ আন পুৰুষৰ সৈতে সম্পৰ্কত আছিল বুলিও লিখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ