ছমাহ পূৰ্বেই মৃত্যু হৈছে মহিলা চিকিৎসকগৰাকীৰ৷ প্ৰথমে সকলোৱে ধাৰণা কৰিছিল এয়া স্বাভাৱিক মৃত্যু৷ বাংগালুৰুৰ বাসিন্দা ২৯ বছৰ বয়সীয়া সেই চৰ্মৰোগ বিশেষজ্ঞৰ মৃত্যুক সাধাৰণ মৃত্যু বুলিয়েই পোনতে সকলোৱে ভাৱিছিল৷ কিন্তু মৃত চিকিৎসকৰ পিতৃ-মাতৃয়ে লেথাৰিকৈ আৰক্ষীক চাপ দিয়াৰ ফলত পোহৰলৈ আহিছে সেই তথা৷ স্ত্ৰীক হত্যাৰ অভিযোগত মৃত তৰুণী চিকিৎসকৰ স্বামীক মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি সেই তৰুণী চিকিৎসকৰ নাম ক্ৰথিকা এম ৰেড্ডি৷ তেওঁক হত্যাৰ অভিযোগত মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছে ক্ৰুথিকাৰ স্বামী চিকিৎসক মহেন্দ্ৰ ৰেড্ডি জি এছক৷ মহেন্দ্ৰই নিজে এজন শৈল্য চিকিৎসক৷ আৰক্ষীৰ দাবী, চিকিৎসক হিচাপে নিজৰ অভিজ্ঞতা কামত লগাইয়েই ঠাণ্ডা মগজুৰে নিজৰ পত্নীক হত্যা কৰি সেয়া স্বাভাৱিক মৃত্যু হিচাপে প্ৰমাণ কৰাৰ চেষ্টা কৰিছিল মহেন্দ্ৰ নামৰ সেই চিকিৎসকে৷
প্ৰায় ৬মাহ পূৰ্বে বাংগালুৰুৰ মাৰাঠাহাল্লিৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হয় ক্ৰুথিকা নামৰ সেই চিকিৎসকৰ দেহ৷ তেওঁৰ চিকিৎসক স্বামীয়ে দাবী কৰিছিল যে হজম সংক্ৰান্তিয় সমস্যা আৰু ব্লাড ছুগাৰৰ মাত্ৰা কমি গৈ মৃত্যু হৈছে তেওঁৰ পত্নীৰ৷ কিন্তু কন্যাৰ এই মৃত্যুত সন্দেহ হয় সেই চিকিৎসকৰ পিতৃ-মাতৃৰ৷ তেওঁলোকৰ চাপতেই নতুনকৈ তদন্তও আৰম্ভ হয়৷ সেই তদন্ততেই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে৷ সলনি হৈ পৰে তদন্তৰ মোৰ৷ জনা গৈছে যে অস্ত্ৰোপচাৰৰ সময়ত ৰোগীক সংজ্ঞাহীন কৰিবলৈ ব্যৱহাৰ কৰা প্ৰপোফল নামৰ এক ঔষধ প্ৰয়োগ কৰি নিজৰ পত্নীক হত্যা কৰিছে মহেন্দ্ৰই৷ শল্য চিকিৎসক হোৱাৰ বাবে এই ঔষধ সম্পৰ্কে তেওঁৰ ধাৰণা আছিল৷ আৰু সেই ঔষধ প্ৰয়োগৰ ফলতেই শ্বাসকষ্ট জনিত সমস্যা আৰম্ভ হয় তৰুণী চিকিৎসকৰ৷ ইয়াৰ পাছতেই তেওঁৰ মৃত্যু হয়৷
পোষ্টমৰ্টেম ৰিপৰ্ট আৰু ফৰেন্সিক পৰীক্ষাৰ ৰিপৰ্টত প্ৰপোফল ঔষধ ব্যৱহাৰৰ প্ৰমাণ পোৱা গৈছে৷ ইয়াৰ পাছতেই তদন্ত অন্যফালে ঘূৰে৷ সেই তৰুণী চিকিৎসকৰ মৃত্যু যে স্বাভাৱিক নাছিল সেয়াও স্পষ্ট হৈ পৰিছে৷ বাংগালুৰুৰ পুলিছ কমিছনাৰ সীমান্ত কুমাৰ সিঙে জনাইছে যে কোনো অভিযোগ দাখিল নহলেও আৰক্ষীয়ে নিজেই অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিলেহেতেন৷ কাৰণ ঘটনাস্থলৰ পৰা নমুনা সংগ্ৰহ কৰি ফৰেন্সিক পৰীক্ষাৰ বাবে পঠোৱা হয়৷ সেই ৰিপৰ্ট অহাৰ পাছতেই জনা যায় যে তেওঁৰ দেহত এক ধৰণৰ টোপনিৰ ঔষধ দিয়া গৈছিল৷ চিকিৎসকেও নিশ্চিত কৰে যে সেই ঔষধৰ অতিৰিক্ত মাত্ৰা প্ৰয়োগৰ ফলতেই মৃত্যু হৈছে মহিলা চিকিৎসকৰ৷ ইয়াৰ পাছতেই জোঁৱায়েকৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপে মহিলা চিকিৎসকৰ পিতৃ মাতৃ৷
তদন্তকাৰীয়ে জনাইছে যে এদিন এৰি এদিনকৈ মুঠ তিনি দিন ইঞ্জেকছনৰ মাধ্যমেৰে পত্নীৰ শৰীৰত এনাস্থেছিয়াৰ ঔষধ প্ৰয়োগ কৰিছিল মহেন্দ্ৰ ৰেড্ডিয়ে৷ পত্নীক তেওঁ কৈছিল যে হজমৰ সমস্যাৰ বাবে এই ইঞ্জেকছন দিছে৷ বিগত ২৩ এপ্ৰিলত ক্ৰুথিকা সংঞ্জাহীন হৈ পৰে আৰু তেওঁক হাস্পতাললৈ লৈ যায় মহেন্দ্রই৷ চিকিৎসকে ৭২ ঘণ্টা খালী পেটে থাকি এক পৰীক্ষাৰ কথা কলেও ৩৬ ঘণ্টাৰ ভিতৰত পত্নীক হাস্পতালৰ পৰা লৈ আহে মহেন্দ্রই৷ ইয়াৰ কিছুক্ষণৰ ভিতৰতেই ক্ৰুথিকাৰ মৃত্যু হয়৷ স্ত্ৰীৰ মৃত্যুৰ পাছত প্ৰথমে তেওঁৰ মৰোণোত্তৰ পৰীক্ষা কৰিব খোজা নাছিল মহেন্দ্রই৷ তেওঁৰ এই আচৰণৰ বাবেই প্ৰথমে আৰক্ষীৰ সন্দেহ হয়৷
তদন্তৰ পাছত আৰক্ষীৰ দাবী, আৰ্থিক আৰু ব্যক্তিগত কাৰণতেই পত্নীক হত্যা কৰে মহেন্দ্ৰ ৰেড্ডিয়ে৷ ক্ৰুথিকাৰ পিতৃৰ দাবী, এখন হাস্পতাল খোলাৰ বাবে বাৰে বাৰে টকা বিচাৰি চাপ দিছিল মহেন্দ্রই৷ যদিও পূৰ্বেই কন্যা আৰু জোঁৱায়েকক ক্লিনিক খোলাৰ বাবে এই টকা দিছিল ক্ৰুথিকাৰ পিতৃ-মাতৃয়ে৷ ইয়াৰ পাছতেই মহেন্দ্ৰ বিবাহ বহিৰ্ভূত সম্পৰ্কত আছিল বুলি অভিযোগ কৰিছিল চিকিৎসকৰ পিতৃয়ে৷ পণ্যৰ বাবেই কন্যাৰ ওপৰত অত্যাচাৰ, গাৰ্হস্থ্য হিংসাৰ দৰে অভিযোগো তুলিছিল তেওঁ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ