ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এটা ভাইৰেল ভিডিঅ’-এ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে তুমুল চৰ্চা লাভ কৰিছে৷
বজালীৰ বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকাই নিজৰে এগৰাকী শিক্ষাৰ্থীক কাণত ধৰি উঠা বহা কৰি শাস্তি প্ৰদান কৰা এক ভিডিঅ’ ভাইৰেল হৈছে৷
ঘটনাৰ বিৱৰণীৰ মতে বিশ্ববিদ্যালয়খনত যোৱা পাঁচটা বছৰে ঠিকাভিত্তিকৰূপে কৰ্মৰত শিক্ষা বিভাগৰ জয়শ্ৰী দাস নামৰ অধ্যাপিকাগৰাকীয়ে ষষ্ঠ ষন্মাসিকৰ এগৰাকীৰ ছাত্ৰীক বাৰান্দাত কাণত ধৰাই উঠা বহা কৰোৱাই শাস্তি প্ৰদান কৰিছিল৷ শাস্তি প্ৰদান কৰাৰ সময়ত অধ্যপিকাগৰাকীয়ে বাঘৰ নেজেৰ কাণ খজুৱাবলৈ আহিছ বুলি কোৱা স্পষ্টকৈ শুনা পোৱা গৈছে৷
লগতে পঢ়ক উৰন্ত বিমানতে অসুস্থ যাত্ৰী; জৰুৰী অৱতৰণৰ পিছতে যাত্ৰীৰ মৃত্যু
অভিযোগ মতে এটা হোৱাটছএপ গ্ৰুপত ছাত্ৰীগৰাকীয়ে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল৷ অধ্যাপিকা জয়শ্ৰী দাসে এই কথা জানিব পাৰি ক্ষুণ্ণ হৈ ছাত্ৰীগৰাকীক এই শাস্তি প্ৰদান কৰে৷ এই সমগ্ৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে৷
ইফালে সন্ধিয়াৰ ভাগত চলা এটা ধেমেলিয়া হোৱাটছএপ গ্ৰুপৰ আলোচনাৰ পিচতে নিশা ছাত্ৰীগৰাকীক অধ্যাপিকাগৰাকীয়ে ফোন কৰে আৰু অশালীন আচৰণ কৰি ভয়-ভাবুকি প্ৰদান কৰাৰো অভিযোগ উঠিছে। অধ্যাপিকাগৰাকীয়ে ৰাজহুৱাভাৱে ছাত্ৰীগৰাকীক ভৰিত ধৰি ক্ষমা খুজিবলৈও কয়।
লগতে পঢ়ক যুদ্ধৰ বীভৎসতা! যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত গৰ্ভৱতী মহিলাসহ গৰ্ভস্থ সন্তানৰ মৃত্যু
বিশ্ববিদ্যালয়ৰ অধ্যাপিকাগৰাকীয়ে ছাত্ৰীগৰাকীক এই শাস্তি বিহি মানৱ অধিকাৰ উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিলেও একাংশই ইয়াৰ বিপৰীতে ছাত্ৰীগৰাকীকে জগৰীয়া কৰিছে।
আনহাতে, তুমুল চৰ্চা লাভ কৰা উক্ত ভিডিঅ’ অধ্যাপিকাগৰাকীয়ে নিজে ৰেক’ৰ্ডিং কৰোৱাই ভাইৰেল কৰা বুলি প্ৰকাশ পাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ