ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ দিন যিমানে কাষ চাপিছে সিমানেই ৰাজনৈতিক নেতাসমূহৰ মুখত প্ৰতিশ্ৰুতিৰ বন্যা বৈছে। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ হিত সাধনৰ উদ্দেশ্যৰে ৰাজনৈতিক নেতাসমূহে দিছে নানান প্ৰতিশ্ৰুতি। এনে প্ৰতিশ্ৰুতি বন্যাৰ মাজতে শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুপেন বৰাই প্ৰদান কৰিছে এটা বিশেষ প্ৰতিশ্ৰুতি।
সভাপতি ভুপেন বৰাই এইবাৰ সাংবাদিকসকলক উদ্দেশ্যি কৰিলে এটা বিশেষ ঘোষণা। বৰাই ঘোষণা কৰিলে যে, কংগ্ৰেছৰ চৰকাৰ গঠন হলে ১৫বছৰৰো অধিক সময় সাংবাদিকতা কৰা সকলো সাংবাদিকে লাভ কৰিব চৰকাৰী পেঞ্চন। কংগ্ৰেছ চৰকাৰ গঠন হলেই প্ৰাৰম্ভিক পৰ্যায়তে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বৰাই।
ইফালে বৰাৰ এই ঘোষণাৰ পাছতে একাংশই উভতি ধৰিছে। ইতিমধ্যে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিকসকলক পেঞ্চন প্ৰদান কৰি থকাৰ কথা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে গমেই নাপায় নেকি বুলিও একাংশই প্ৰশ্ন কৰিছে। সেয়া যি কি নহলেও, চৰকাৰীভাৱে সাংবাদিকসকলক এক নিৰ্ধাৰিত সময়ৰ পাছত পেঞ্চন প্ৰদান কৰা হয় যদিও শেহতীয়াকৈ ভূুপেন বৰাই কৰা এই ঘোষণাৰ পাছত এই প্ৰসংগটোৱে বিশেষ চৰ্চা লাভ কৰিছে।
ক্লিক কৰি পঢ়কঃ
ৰভা ভাঙি শেষ হোৱাই নাছিলঃ বিয়াৰ দুদিনৰ পাছতে মৃত্যু সন্দীপৰ…
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















