মাজনিশা অমিতাভ বচ্চনৰ খঙেৰে কৰা টুইট, অনুৰাগী হতভম্ব হঠাতে কি হ’ল বিগ বিৰ?
বলীউডৰ বিগ বি, যিয়ে সদায় জোখ-মাখ কৰি কথা কোৱা আৰু চিন্তাশীল বক্তব্য দিয়া বাবে তেওঁক আন তাৰকাতকৈ পৃথক কৰি তোলে। পাছে এইবাৰ তেওঁৰ এক কামে অনুৰাগি সকলক আচৰিত কৰি তুলিছে। সততে খং নুঠা বিগ বিয়ে ইমানেই অদ্ভুত টুইট কৰিছে যে মানুহে প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈছে।
২ ডিচেম্বৰৰ মাজনিশা ১:৪২ বজাত অমিতাভ বচ্ছনে এটা পোষ্ট দিছিল। এই পোষ্টটোত তেওঁ মাত্ৰ এটা শব্দ আৰু এটা ইমোজি শ্বেয়াৰ কৰিছে। ৫২১০ সংখ্যক টুইটত তেওঁ লিখিছে – ‘চুপ!’, ইয়াৰ লগতে তেওঁ এটা খঙাল ইমোজি দিছে।
যি টুইট দেখি মানুহে চিন্তিত হৈ পৰিছে আৰু বিগ বিক ইয়াৰ কাৰণ সুধি প্ৰশ্ন কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে- এইটো কি আছিল? আন এটা মন্তব্যত লিখিছে – এই এটা শব্দই সকলোতে কাম কৰে। শ্ৰেষ্ঠ শব্দ। এজনে সুধিলে- ইয়াৰ পিছত কি হ’ল?
উল্লেখ্য যে কিছুদিনৰ পৰা বচ্চন পৰিয়ালক লৈ বহু জল্পনা-কল্পনা চলি আছে আৰু অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰিও বিয়পি আছে। অৱশ্যে দুয়োৰে মাজত তেনে কোনো কথা বা কাণ্ড দেখা পোৱা হোৱা নাই, লগতে এই উৰাবাতৰিবোৰক লৈ সকলোকে মৌনতা অৱলম্বন কৰাও দেখা গৈছে।
এই সকলোবোৰৰ মাজতে ইফালে অমিতাভ বচ্চনৰ এই ক্ষুব্ধ টুইট বিশেষ চৰ্চালৈ আহিছে। বিগ বিৰ এই ‘চুপ’ বুলি লিখা টুইট তেওঁৰ পুত্ৰ-বোৱাৰীক লৈ ওপঙি থকা উৰাবাতৰিৰ সৈতেও অনুৰাগীয়ে সংযোগ কৰিছে।
শেহতীয়াকৈ অমিতাভ বচ্চনে নিজৰ ব্লগত লিখিছে যে তেওঁ নিজৰ পৰিয়ালৰ বিষয়ে বিশেষ কথা ক’বলৈ ভাল নাপায়। তেওঁ কৈছিল যে উৰাবাতৰি মাথোঁ উৰাবাতৰি – কোনো পৰীক্ষণ নোহোৱাকৈ উৰাবাতৰি মাথোঁ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ