চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। পৰৱৰ্তী ফিটমেণ্ট ফেক্টৰ সন্দৰ্ভত চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ নূন্যতম বেছিক দৰমহা বৃদ্ধি হ’ব। ইয়াৰ বাবে এখন খচৰা প্ৰস্তুত কৰি থকা হৈছে। অৱেশ্যে এয়া কেৱল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবেহে৷
বিশেষ সূত্ৰৰ মতে এই খচৰা দাখিল কৰাৰ পিছত জুলাই মাহৰ শেষৰ ফালে এই বিষয়ত এখন বৈঠক অনুষ্ঠিত কৰা হ’ব। ইউনিয়ন কেবিনেটো ইয়াৰ ইংগিত দিয়া বুলি সূত্ৰটোত কোৱা হৈছে। যদি এই তথ্য শুদ্ধ হয় আৰু এই বিষয়ত চুক্তি হয়, তেন্তে ফিটমেণ্ট ফেক্টৰৰ অধীনত ৫২ লাখৰো অধিক কেন্দ্ৰীয় কৰ্মচাৰীৰ বেছিক দৰমহা বৃদ্ধি কৰিব পৰা যাব।
লগতে পঢ়ক ১৬ বছৰতে স্বেচ্ছাৰে বিয়া হ’ব পাৰিব মুছলমান ছোৱালীয়ে, উচ্চ ন্যায়ালয়ৰ
২০২২ চনৰ ১ জুলাইৰ পৰা কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে নতুন ডিয়াৰনেছ ভাট্টা প্ৰযোজ্য হ’ব পাৰে। আচলতে AICPI ৰ তথ্য অনুসৰি ২০২২ চনৰ ১ জুলাইৰ পৰা ডিয়াৰনেছ ভাট্টা ৪ৰ পৰা ৫% অৰ্থাৎ ৩৮ৰ পৰা ৩৯ শতাংশ ডিএ বৃদ্ধি হ’ব পাৰে। এতিয়ালৈকে এপ্ৰিল মাহলৈকে AICPI সূচকাংকৰ সংখ্যা আহিছে। জুন মাহৰ পিছত চৰকাৰে এই সংখ্যা ঘোষণা কৰিব পাৰে। ইফালে, যদি ফিটমেণ্ট ফেক্টৰৰ ওপৰত একমত হয়, তেন্তে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব।
উল্লেখ্য যে যে ৭ম দৰমহা আয়োগে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা ফিটমেণ্ট ফেক্টৰৰ দ্বাৰা নিৰ্ধাৰণ কৰে। যদি ফিটমেণ্ট ফেক্টৰ বৃদ্ধি হয়, তেন্তে কেন্দ্ৰীয় কৰ্মচাৰীৰ নূন্যতম দৰমহা বৃদ্ধি হ’ব। এই সূত্ৰৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা ডেৰ-দুগুণতকৈও অধিক বৃদ্ধি পালে। বৰ্তমান কৰ্মচাৰীসকলৰ ফিটমেণ্ট ফেক্টৰ ২.৫৭ গুণৰ হাৰত। ইয়াৰ ভিত্তিত নূন্যতম বেছিক দৰমহা ১৮০০০ টকা আৰু সৰ্বোচ্চ মৌলিক দৰমহা ৫৬৯০০ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















