• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতি ৰহস্যময় ‘অগ্নিপথ’! কি কি ৰহস্য আছে ইয়াৰ ভিতৰত?

অতি ৰহস্যময় ‘অগ্নিপথ’! কি কি ৰহস্য আছে ইয়াৰ ভিতৰত?

4 years ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

ভাগ্যই সলাব ৰূপ! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

7 hours ago
PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

PCOD ৰ বাবে গৰ্ভধাৰণত সমস্যা? আয়ুৰ্বেদিক চিকিৎসাৰে কৰক ঠিক

7 hours ago
‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

7 hours ago
“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

“মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰালে ভাল নালাগে”, বিকৃত ফটো আপলোডকলৈ মন্তব্য কণ্ঠশিল্পী দীপান্বিতাৰ

8 hours ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

9 hours ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

9 hours ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

10 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

11 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

12 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

13 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

অতি ৰহস্যময় ‘অগ্নিপথ’! কি কি ৰহস্য আছে ইয়াৰ ভিতৰত?

‘অগ্নিপথ’ বাতিল হ’ব লাগে কিয়?

editor by editor
June 21, 2022
in ভাৰত, ৰাজনীতি
0
অতি ৰহস্যময় ‘অগ্নিপথ’! কি কি ৰহস্য আছে ইয়াৰ ভিতৰত?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ যোৱা ১৪ জুনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিলে নতুন আঁচনি ‘অগ্নিপথ’৷ মূলতঃ দেশৰ সেনাবাহিনীত নিযুক্তিৰ বাবে লোৱা হৈছে এই আঁচনি৷ কিন্তু আঁচনি ঘোষণা কৰাৰ লগে লগে তাৰ বিৰুদ্ধে সমগ্ৰ দেশত আৰম্ভ হয় প্ৰতিবাদী আন্দোলন৷ উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগ, হাৰিয়ানা, মধ্যপ্ৰদেশ, তেলংগানা, পঞ্জাৱ আদি ৰাজ্যত ‘অগ্নিপথ’ আঁচনিৰ প্ৰতিবাদত হোৱা আন্দোলনে হিংসাত্মক ৰূপ লয়৷ বিশেষকৈ ৰে’ল পথ আৰু ৰে’ল ষ্টেচনত প্ৰতিবাদকাৰীয়ে তীব্ৰ বিক্ষোভ প্ৰদৰ্শন কৰে আৰু শীঘ্ৰে ‘অগ্নিপথ’ বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে৷

এইখিনিতে উল্লেখ কৰি থোৱা ভাল হ’ব যে সেনাবাহিনীত নিযুক্তি প্ৰক্ৰিয়া সৰল কৰিবলৈ ‘অগ্নিপথ’ আঁচনি গ্ৰহণ কৰা হৈছে৷ এই ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ৷ বাহ্যিক দৃষ্টিত সেনাবাহিনীত মকৰল প্ৰক্ৰিয়া হয়তো কিছু সৰল হ’ব কিন্তু তৎসত্ত্বেও এই আঁচনিৰ বিৰুদ্ধে সমগ্ৰ দেশত আন্দোলন হৈছে কিয়? ‘অগ্নিপথ’ আঁচনিৰ প্ৰস্তাৱ অনুসৰি ১৭ বছৰ ৬ মাহৰ পৰা ২৩ বছৰ পৰ্যন্ত বয়সৰ যুৱক-যুৱতীয়ে সেনাবাহিনীত নিযুক্তিৰ সুযোগ পাব৷ তেওঁলোকৰ দা-দৰমহাও বেয়া নহ’ব৷ অৱশ্যে ‘অগ্নিপথ’ আঁচনিৰ অধীনত যিসকল যুৱক-যুৱতীয়ে সেনাবাহিনীত নিযুক্ত হ’ব তেওঁলোকৰ চাকৰিৰ ম্যাদ মাত্ৰ ৪ বছৰ৷ অৰ্থাৎ ‘অগ্নিপথ’ আঁচনিৰ অধীনত সেনাবাহিনীত নিযুক্তি লাভ কৰা যুৱক-যুৱতীসকলে ৪ বছৰ চাকৰি কৰাৰ পাছতে অব্যাহতি ল’ব লাগিব৷ মূলতঃ এই বিষয়টোক লৈ দেশত উত্তাল প্ৰতিবাদ আৰম্ভ হৈছে৷

 

লগতে পঢ়ক হাঁহি বিৰিঙিব চৰকাৰী কৰ্মচাৰীৰ মুখত! বৃদ্ধি পাব নেকি তেওঁলোকৰ দৰমহা?

মাত্ৰ ৪ বছৰৰ বাবে সেনাবাহিনীত নিযুক্তি দিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত নিবনুৱা যুৱক-যুৱতীৰ লগতে বহু দল-সংগঠনেও প্ৰতিবাদ কৰিছে৷ ‘অগ্নিপথ’ সম্পৰ্কত যিহেতু অদ্যপি ৰাজপত্ৰিত নিৰ্দেশনা জাৰি হোৱা নাই গতিকে আঁচনিখনৰ বিস্তৃত তথ্য ৰাজহুৱা হোৱা নাই৷ একেদৰে ‘অগ্নিপথ’ৰ লক্ষ্য আৰু উদ্দেশ্যও স্পষ্ট নহয়৷ অৱশ্যে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সমালোচনাৰ ঊৰ্ধ্বত নাথাকিব৷ কিন্তু তৎসত্ত্বেও প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমে যি তথ্য ৰাজহুৱা কৰিছে তাৰ পৰা আঁচনিখনৰ কিছু উদ্দেশ্য আৰু লক্ষ্য জানিব পৰা হৈছে৷

সেই মৰ্মে এই আঁচনিৰ অধীনত যি সকল যুৱক-যুৱতী সেনাবাহিনীত নিযুক্ত হ’ব তেওঁলোকক প্ৰথম ৬ মাহ অস্ত্ৰ-শস্ত্ৰ চালনাত প্ৰশিক্ষণ দিয়া হ’ব৷ অৱশ্যে এইসকল জোৱানক গধূৰ মাৰণাস্ত্ৰ বা অসামৰিক সৰ্বাত্মক যুদ্ধত ব্যৱহৃত হোৱা মাৰণাস্ত্ৰৰ প্ৰশিক্ষণ দিয়া নহ’ব৷ কেৱল সুৰক্ষাকৰ্মীৰ বাবে প্ৰয়োজনীয় সামৰিক অথবা অস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰহে প্ৰস্তাৱ ৰখা হৈছে৷ অন্য ৩ বছৰ ৬ মাহ সময় তেওঁলোকে সেনাবাহিনীত বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণৰ সুযোগ পাব৷ এই বৃত্তিমূলক প্ৰশিক্ষণসমূহ মূলতঃ ৰান্ধনি, চাফাই কৰ্মী, গৃহৰক্ষীৰ প্ৰশিক্ষণ, কাপোৰ চিলাই কৰা, মটৰ গাড়ী মেৰামতি কৰা আদি উল্লেখযোগ্য৷ ‘অগ্নিপথ’ আঁচনিৰ অধীনত সেনা জোৱান হিচাপে নিযুক্তি লাভ কৰা যুৱক-যুৱতীয়ে সেনাবাহিনীত নিয়মীয়া সেৱা আগবঢ়োৱাৰ লগতে উল্লেখিত ক্ষেত্ৰত বৃত্তিমূলক প্ৰশিক্ষণ লাভৰ সুযোগ পাব৷ সেনাবাহিনীত ৪ বছৰ অতিক্ৰম কৰাৰ পাছত এই সকল যুৱক-যুৱতীক সেনাবাহিনীৰ পৰা অব্যাহতি দিয়া হ’ব৷ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে দেশৰ ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান, বিশিষ্ট ব্যক্তি, ৰাজনৈতিক নেতা অথবা জীৱনৰ প্ৰতি ভাবুকি থকা কোনো নাগৰিকৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিবলৈ চৰকাৰী স্বীকৃতি পাব৷ সহজ অৰ্থত ৪ বছৰ পাছত তেওঁলোক অন্য কোনো লোকৰ দেহৰক্ষী অথবা বডীগাৰ্ড হিচাপে কাম কৰাৰ সুযোগ থাকিব৷

 

লগতে পঢ়ক ২২ বছৰীয়া যুৱতীয়ে পৰ্ণ ভিডিঅ’ চাই প্ৰতি ঘণ্টাত উপাৰ্জন কৰে ১৫ শ টকা! কিন্তু কেনেকৈ?

গতিকে সাধাৰণ দৃষ্টিত কেন্দ্ৰীয় চৰকাৰৰ ‘অগ্নিপথ’ আঁচনিয়ে হয়তো কৰ্ম সংস্থাপনৰ সম্ভাৱনা বৃদ্ধি কৰিব৷ কিন্তু সেয়া সঠিক হয়নে? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিয়ে হয়তো ‘অগ্নিপথ’ক লৈ উত্তাল হৈ উঠিছে দেশৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি৷ সেনাবাহিনীত নিযুক্তি দিয়াৰ অচিলাৰে কেন্দ্ৰীয় চৰকাৰে নিবনুৱা যুৱক-যুৱতীসকলক প্ৰতাৰণা কৰিব বিচাৰিছে নেকি? অথবা সেনাবাহিনীত নিযুক্তি দিয়াৰ নামত ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ প্ৰশিক্ষণ দিবলৈ প্ৰতিৰক্ষা বিভাগে ‘অগ্নিপথ’ আঁচনি গ্ৰহণ কৰিছে নেকি? এই প্ৰশ্নসমূহৰ সঠিক উত্তৰ খোদ কেন্দ্ৰীয় চৰকাৰেও এই মুহূৰ্তত দিব পৰা নাই৷ কিন্তু আঁচনিখনৰ আঁৰত থকা লক্ষ্য আৰু উদ্দেশ্য দেশবাসীৰ বাবে এক ৰহস্য হৈ আছে৷

ইফালে আঁচনিখন ৰূপায়ণ হোৱাৰ পূৰ্বেই ‘অগ্নিপথ’ৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হ’ল এক গোচৰ৷ যোৱা ২০ জুনত অধিবক্তা মনোহৰ লাল শৰ্মাই ‘অগ্নিপথ’ৰ বৈধতা আৰু সাংবিধানিক মৰ্যাদাক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰিছে৷ অধিবক্তাগৰাকীয়ে তেওঁৰ অভিযোগনামাত উল্লেখ কৰিছে যে এই আঁচনিখন অবৈধ আৰু অসাংবিধানিক৷ তাৰ সমৰ্থনত তেওঁ যুক্তি দিছে যে ‘অগ্নিপথ’ আঁচনি ৰাজপত্ৰিত নিৰ্দেশযোগে ঘোষণা কৰা হোৱা নাই৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কেৱল সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি ‘অগ্নিপথ’ৰ ঘোষণা কৰিছে৷ দেশৰ সদনত গৃহীত নোহোৱাকৈ ‘অগ্নিপথ’ আঁচনি ঘোষণা কৰা হৈছে কিয়? এই যুক্তিসমূহ প্ৰত্যাহাৰ কৰিব পৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ হাতত এতিয়ালৈ বিশেষ কোনো সাংবিধানিক তথ্য নাই৷ গতিকে উচ্চতম ন্যায়ালয়ত ‘অগ্নিপথ’ক প্ৰত্যাহ্বান জনাই যি গোচৰ তৰা হৈছে সেই গোচৰৰ ৰায়ৰ ওপৰতহে নিৰ্ভৰ কৰিব কেন্দ্ৰীয় চৰকাৰৰ অভিলাসী আঁচনিখনৰ ভৱিষ্যৎ৷ হয়তো ‘অগ্নিপথ’ বাতিলো হ’ব পাৰে! কিন্তু তৎসত্ত্বেও ‘অগ্নিপথ’ৰ আঁৰত থকা লক্ষ্য আৰু উদ্দেশ্যক লৈ দেশবাসী কিন্তু আজিও স্পষ্ট নহয়৷

 

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom lie 24 digitalaxom live 24best news channel in assamBest news channel of assamBest Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা
ভাৰত

‘মোৰ স্বামী মোক উভতাই দিয়ক!’ স্বামীৰ সন্ধানত ডুবাইৰ পৰা আহিল প্ৰেমিকা

September 6, 2026
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক
অসম

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

September 5, 2026
শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে
ভাৰত

শৌচাগাৰত বিষাক্ত সাপ! ভিতৰলৈ সোমোৱাৰ পূৰ্বে এবাৰ চকু ফুৰাওক চৌদিশে

September 5, 2026
Next Post
সাগৰত উটি গ’ল এখন ৪০ বছৰীয়া ৰেষ্টুৰেণ্ট! কেনেকৈ উটিল বিখ্যাত ৰেষ্টুৰেণ্টখন? 

সাগৰত উটি গ’ল এখন ৪০ বছৰীয়া ৰেষ্টুৰেণ্ট! কেনেকৈ উটিল বিখ্যাত ৰেষ্টুৰেণ্টখন? 

একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১

একেবোৰ নোটেৰে দুই ভগ্নীৰ UPSCৰ প্ৰস্তুতি, এগৰাকীৰ ৰেংক ৩ আনগৰাকীৰ ২১

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.