অসম লাইভ ২৪ঃ গর্ভাৱস্থাৰ সময়সীমা ১০ মাহ। কিন্তু ১৪ মাহত ৮ টি সন্তান জন্ম দিলে মহিলাই। মাতৃ ৬৫ বছৰীয়া। দুদিনৰ ব্যৱধানতো সন্তান জন্ম হৈছে। এই অকল্পনীয়া ঘটনা সংঘটিত হৈছে বিহাৰত। ৬৫ বছৰীয়া মহিলাই ১৪ মাহত জন্ম দিলে আটাইকেইটি কন্যা সন্তান। চিকিৎসা বিজ্ঞানৰ বাবেও বিস্ময় হৈ পৰিব পাৰে এই ঘটনা। পুত্ৰ সন্তানৰ মুখ দেখাৰ দুর্বাৰ হেঁপাহত এটিৰ পাছত আনটি সন্তান প্ৰসৱ কৰা নাই। ইয়াতকৈয়ো বিস্ময়কৰ কথাটো হ’ল মাতৃয়ে ইচ্ছা কৰি কন্যা সন্তান জন্ম দিব পাৰে। ২০১৯ চনৰ জুলাইৰ পৰা চলিত বর্ষৰ আগষ্টৰ ভিতৰত এই সন্তানকেইটি জন্ম দিছে শান্তি দেৱীয়ে। প্ৰকৃতার্থত চৰকাৰী আঁচনিৰ ধনৰ মোহত পৰা লোকৰ প্ৰৱঞ্চনাৰ কাহিনী এয়া। বিহাৰৰ মুজাফ্ফৰপুৰৰ শান্তি দেৱী নামৰ মহিলাগৰাকীয়ে এনেদৰে লেঠাৰি নিছিগাকৈ সন্তান জন্ম দি মাতৃ-শিশু সুৰক্ষা আঁচনিৰ ১৪০০ কৈ টকা আঠবাৰ আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। একেই ঘটনা সংঘটিত হৈছে একে স্থানৰে লীলা দেৱী নামৰ এগৰাকী মহিলাৰ ক্ষেত্ৰটো। কিন্তু, শান্তি দেৱীয়ে বিগত ২০ বছৰত কোনো সন্তান জন্ম দিয়া নাই। লীলা দেৱীও কেইবা বছৰ পূর্বে অস্ত্ৰোপচাৰৰ জৰিয়তে বন্ধ্যাকৰণ হৈছে। স্বাস্থ্য বিভাগৰ তথ্যত লীলা দেৱীৰ দুদিনৰ ব্যৱধানতো প্ৰসৱ হৈছে। পিছে, ৮টিকৈ সন্তান জন্ম দিয়াৰ নামত প্ৰতিবাৰে ১৪০০কৈ টকা মহিলা দুগৰাকীৰ নামত বেংক একাউণ্টত জমা হয়, যদিও সেয়া তেওঁলোকে ভোগ কৰিবলৈ পোৱা নাই। ধন জমা হোৱাৰ পাছ দিনাই আন কোনোবাই উঠাই লৈ যায়। এই কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰিছে স্বাস্থ্য বিভাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ