• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

3 weeks ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

3 minutes ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

3 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

6 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

7 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

8 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

১-২ লাখ নহয়, ৪১ লাখ টকা লুট

editor by editor
September 17, 2026
in অপৰাধ, ভাৰত, লেখা
0
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
0
SHARES
237
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজস্থানৰ ৰাজধানী জয়পুৰত সংঘটিত ৪১.৭০ লাখ টকাৰ ডকাইতিৰ ঘটনাৰ ৰহস্যভেদ কৰিছে আৰক্ষীয়ে। ৰামনগৰীয়া থানা এলেকাৰ অক্ষয় পাত্ৰ চৌহদৰ সমীপত তিনিদিন পূৰ্বে সংঘটিত হৈছিল এই ডকাইতি। ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে নদবাইৰ লালপুৰ নিবাসী ২২ বছৰীয়া অংশু কুমাৰী জাটাভক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ পৰা ২৬.৮০ লাখ টকা উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, এই ডকাইতিৰ আঁৰত অংশুৰ প্ৰেমিক আৰু তেওঁৰ দুই বন্ধুও জড়িত। অৱশ্যে তেওঁলোক বৰ্তমান পলাতক হৈ আছে। আৰক্ষীয়ে মষ্ট্ৰম, পুষ্পেন্দ্ৰ মীনা আৰু সুমিত জংগম নামৰ তিনিজন অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

ঘটনাটো সংঘটিত হৈছিল ১৪ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০:৩০ বজাত। অক্ষয় পাত্ৰ মন্দিৰৰ সমীপত থকা বেংক অব ইণ্ডিয়াৰ ATMৰ পৰা বেংকৰ কৰ্মচাৰীয়ে নগদ ধন উলিয়াই আনিছিল। ঠিক সেই সময়তে বাইকত অহা দুজন অ*স্ত্ৰধাৰী যুৱকে কৰ্মচাৰীসকলক বন্দুক দেখুৱাই ভাবুকি দিয়ে। তাৰ পিছতে তেওঁলোকৰ পৰা ৪১.৭০ লাখ টকা লুটি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ অংশ হিচাপে ১,০০০ৰো অধিক চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা হয়। ফুটেজ বিশ্লেষণ কৰি আৰক্ষীয়ে জানিব পাৰে যে অংশু কুমাৰীয়ে ডকাইতিৰ কেইবাদিনো পূৰ্বৰে পৰা ATMটোৰ আশে-পাশে ঘূৰি তথ্য সংগ্ৰহ কৰি আছিল।

আৰক্ষীৰ জেৰাত অংশুৱে ডকাইতিৰ পৰিকল্পনাৰ সন্দৰ্ভত কেইবাটাও তথ্য প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে, অংশুৰ প্ৰেমিক কৰাউলীৰ বাসিন্দা মষ্ট্ৰমে বেংকৰ এজন কৰ্মচাৰীক চিনি পাইছিল। সেই কৰ্মচাৰীৰ পৰা তেওঁ জানিব পাৰিছিল যে অক্ষয় পাত্ৰ ATMৰ পৰা সাধাৰণতে মহিলা কৰ্মচাৰীয়ে ধন উলিয়াই আনে। লগতে সেই সময়ত তেওঁলোকৰ লগত কোনো নিৰাপত্তাৰক্ষী নথকাৰ কথাও জানিব পাৰিছিল। এই তথ্যৰ ভিত্তিতে ধন লুট কৰাটো সহজ হ’ব বুলি তেওঁলোকে ভাবিছিল।

ইয়াৰ পিছত মষ্ট্ৰমে তেওঁৰ প্ৰেমিকা অংশুক তেওঁৰ দুই বন্ধু পুষ্পেন্দ্ৰ মীনা আৰু সুমিত জংগমৰ সৈতে চিনাকি কৰাই দিয়ে। আৰক্ষীৰ মতে, অংশুৰ কোঠাতেই তেওঁলোকে মিলিত হৈ সমগ্ৰ ডকাইতিৰ পৰিকল্পনা ৰচনা কৰে। পৰিকল্পনা অনুসৰি অংশুক বেংকৰ কৰ্মচাৰীসকলৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ পঠিওৱা হয়। ১৪ ছেপ্টেম্বৰত বেংকৰ কৰ্মচাৰীসকলে নগদ ধন লৈ ATMৰ পৰা ওলাই যোৱাৰ সময়ত অংশুৱে ফোনযোগে সহযোগীসকলক খবৰ দিয়ে। কিছু সময়ৰ পিছতে বাইকত অহা দুজন অভিযুক্তই বন্দুক দেখুৱাই কৰ্মচাৰীসকলৰ পৰা ৪১.৭০ লাখ টকা লুটি লৈ পলায়ন কৰে।

প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে অংশু আৰু তেওঁৰ সহযোগীসকল ঋণত ডুবি থকাৰ তথ্য লাভ কৰিছে। ঋণ পৰিশোধৰ বাবে ধনৰ প্ৰয়োজন হোৱাৰ বাবেই তেওঁলোকে এই ডকাইতিৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। তদন্তত অংশুৱে এই কথাও উল্লেখ কৰে যে প্ৰেমিক মষ্ট্ৰমৰ উন্নত ভৱিষ্যতৰ বাবে তেওঁলোকে এই পৰিকল্পনা কৰিছিল। আনহাতে, ১৪ ছেপ্টেম্বৰ তাৰিখটোও পৰিকল্পিতভাৱে বাছনি কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইয়াৰ আগৰ তিনিটা দিন বন্ধ থকাৰ বাবে বেংকৰ হাতত তুলনামূলকভাৱে অধিক নগদ ধন থাকিব বুলি তেওঁলোকে অনুমান কৰিছিল।

বৰ্তমান আৰক্ষীয়ে অংশু কুমাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা ২৬.৮০ লাখ টকা উদ্ধাৰ কৰিছে। পলাতক মষ্ট্ৰম, পুষ্পেন্দ্ৰ মীনা আৰু সুমিত জংগমক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। ঘটনাটোৰ সৈতে জড়িত আন তথ্য আৰু উদ্ধাৰ কৰিবলগীয়া ধনৰ সন্ধানো চলি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bank Robbery
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে
বিনোদন

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

October 7, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
Next Post
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.