• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

1 month ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

17 minutes ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

34 minutes ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

1 hour ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

2 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

2 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

3 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

4 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

5 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

5 hours ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

6 hours ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

6 hours ago
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

১-২ লাখ নহয়, ৪১ লাখ টকা লুট

editor by editor
September 17, 2026
in অপৰাধ, ভাৰত, লেখা
0
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
0
SHARES
238
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজস্থানৰ ৰাজধানী জয়পুৰত সংঘটিত ৪১.৭০ লাখ টকাৰ ডকাইতিৰ ঘটনাৰ ৰহস্যভেদ কৰিছে আৰক্ষীয়ে। ৰামনগৰীয়া থানা এলেকাৰ অক্ষয় পাত্ৰ চৌহদৰ সমীপত তিনিদিন পূৰ্বে সংঘটিত হৈছিল এই ডকাইতি। ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে নদবাইৰ লালপুৰ নিবাসী ২২ বছৰীয়া অংশু কুমাৰী জাটাভক গ্ৰেপ্তাৰ কৰিছে। তেওঁৰ পৰা ২৬.৮০ লাখ টকা উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি, এই ডকাইতিৰ আঁৰত অংশুৰ প্ৰেমিক আৰু তেওঁৰ দুই বন্ধুও জড়িত। অৱশ্যে তেওঁলোক বৰ্তমান পলাতক হৈ আছে। আৰক্ষীয়ে মষ্ট্ৰম, পুষ্পেন্দ্ৰ মীনা আৰু সুমিত জংগম নামৰ তিনিজন অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰাখিছে।

ঘটনাটো সংঘটিত হৈছিল ১৪ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ১০:৩০ বজাত। অক্ষয় পাত্ৰ মন্দিৰৰ সমীপত থকা বেংক অব ইণ্ডিয়াৰ ATMৰ পৰা বেংকৰ কৰ্মচাৰীয়ে নগদ ধন উলিয়াই আনিছিল। ঠিক সেই সময়তে বাইকত অহা দুজন অ*স্ত্ৰধাৰী যুৱকে কৰ্মচাৰীসকলক বন্দুক দেখুৱাই ভাবুকি দিয়ে। তাৰ পিছতে তেওঁলোকৰ পৰা ৪১.৭০ লাখ টকা লুটি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ অংশ হিচাপে ১,০০০ৰো অধিক চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰা হয়। ফুটেজ বিশ্লেষণ কৰি আৰক্ষীয়ে জানিব পাৰে যে অংশু কুমাৰীয়ে ডকাইতিৰ কেইবাদিনো পূৰ্বৰে পৰা ATMটোৰ আশে-পাশে ঘূৰি তথ্য সংগ্ৰহ কৰি আছিল।

আৰক্ষীৰ জেৰাত অংশুৱে ডকাইতিৰ পৰিকল্পনাৰ সন্দৰ্ভত কেইবাটাও তথ্য প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে, অংশুৰ প্ৰেমিক কৰাউলীৰ বাসিন্দা মষ্ট্ৰমে বেংকৰ এজন কৰ্মচাৰীক চিনি পাইছিল। সেই কৰ্মচাৰীৰ পৰা তেওঁ জানিব পাৰিছিল যে অক্ষয় পাত্ৰ ATMৰ পৰা সাধাৰণতে মহিলা কৰ্মচাৰীয়ে ধন উলিয়াই আনে। লগতে সেই সময়ত তেওঁলোকৰ লগত কোনো নিৰাপত্তাৰক্ষী নথকাৰ কথাও জানিব পাৰিছিল। এই তথ্যৰ ভিত্তিতে ধন লুট কৰাটো সহজ হ’ব বুলি তেওঁলোকে ভাবিছিল।

ইয়াৰ পিছত মষ্ট্ৰমে তেওঁৰ প্ৰেমিকা অংশুক তেওঁৰ দুই বন্ধু পুষ্পেন্দ্ৰ মীনা আৰু সুমিত জংগমৰ সৈতে চিনাকি কৰাই দিয়ে। আৰক্ষীৰ মতে, অংশুৰ কোঠাতেই তেওঁলোকে মিলিত হৈ সমগ্ৰ ডকাইতিৰ পৰিকল্পনা ৰচনা কৰে। পৰিকল্পনা অনুসৰি অংশুক বেংকৰ কৰ্মচাৰীসকলৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিবলৈ পঠিওৱা হয়। ১৪ ছেপ্টেম্বৰত বেংকৰ কৰ্মচাৰীসকলে নগদ ধন লৈ ATMৰ পৰা ওলাই যোৱাৰ সময়ত অংশুৱে ফোনযোগে সহযোগীসকলক খবৰ দিয়ে। কিছু সময়ৰ পিছতে বাইকত অহা দুজন অভিযুক্তই বন্দুক দেখুৱাই কৰ্মচাৰীসকলৰ পৰা ৪১.৭০ লাখ টকা লুটি লৈ পলায়ন কৰে।

প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে অংশু আৰু তেওঁৰ সহযোগীসকল ঋণত ডুবি থকাৰ তথ্য লাভ কৰিছে। ঋণ পৰিশোধৰ বাবে ধনৰ প্ৰয়োজন হোৱাৰ বাবেই তেওঁলোকে এই ডকাইতিৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। তদন্তত অংশুৱে এই কথাও উল্লেখ কৰে যে প্ৰেমিক মষ্ট্ৰমৰ উন্নত ভৱিষ্যতৰ বাবে তেওঁলোকে এই পৰিকল্পনা কৰিছিল। আনহাতে, ১৪ ছেপ্টেম্বৰ তাৰিখটোও পৰিকল্পিতভাৱে বাছনি কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইয়াৰ আগৰ তিনিটা দিন বন্ধ থকাৰ বাবে বেংকৰ হাতত তুলনামূলকভাৱে অধিক নগদ ধন থাকিব বুলি তেওঁলোকে অনুমান কৰিছিল।

বৰ্তমান আৰক্ষীয়ে অংশু কুমাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা ২৬.৮০ লাখ টকা উদ্ধাৰ কৰিছে। পলাতক মষ্ট্ৰম, পুষ্পেন্দ্ৰ মীনা আৰু সুমিত জংগমক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত আছে। ঘটনাটোৰ সৈতে জড়িত আন তথ্য আৰু উদ্ধাৰ কৰিবলগীয়া ধনৰ সন্ধানো চলি আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bank Robbery
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক
বিনোদন

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

October 27, 2026
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!
নিয়োগ

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

October 27, 2026
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?
অসম

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

October 27, 2026
Next Post
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.