অসম লাইভ ২৪ঃ বিহাৰৰ এখন জিলাৰ আৰক্ষী অধীক্ষৰ অফিচিয়েল মোবাইল হেৰোৱাৰ পাছতে বিভাগটোত হাহাকাৰ লাগে৷ আচলতে মোবাইলটো হেৰোৱা নাছিল চুৰিহে হৈছিল৷ তাৰ পাছতে আৰক্ষীয়ে তদন্ত কৰি এগৰাকী কলগাৰ্ল যোগান ধৰা মহিলাৰ পৰা মোবাইলটো উদ্ধাৰ কৰে৷ তাৰ পাছতে মহিলাগৰাকীক আটক কৰি জেৰা চলোৱাত স্তম্ভিত হৈ পৰে আৰক্ষী৷ কিয়নো আৰক্ষীৰ জেৰাত মহিলাগৰাকীয়ে প্ৰকাশ কৰে যে তেওঁ মধেপুৰাৰ ডিএছপিক এগৰাকী ছোৱালী যোগান ধৰিছিল। ইয়াৰ বাহিৰেও মহিলাগৰাকীয়ে কয় যে যুৱতীগৰাকীক বহুবাৰ DSPৰ ওচৰলৈ পঠিয়াইছিল। প্ৰথমবাৰৰ বাবে তেওঁ টকা দিছিল যদিও পিছত টকা নিদিলে। ইয়াৰ পিছত যুৱতীগৰাকীয়ে মোবাইলটো লৈ আহিছিল৷ দৰাচলতে যুৱতীগৰাকীয়ে যিটো মোবাইল লৈ পলায়ন কৰিছিল সেয়া আছিল মধেপুৰাৰ আৰক্ষী অধীক্ষকৰ মোবাইল। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, শেহতীয়াকৈ মধেপুৰাৰ আৰক্ষী অধীক্ষক ৰাজেশ কুমাৰে ছুটীত গৈছিল আৰু আৰক্ষী মুখ্য কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি আৰক্ষী অধীক্ষকৰ দায়িত্ব মুখ্য কাৰ্যালয়ৰ DSP অমৰকান্ত চৌবেক অৰ্পণ কৰে। ইয়াৰ সমান্তৰালকৈ মধেপুৰাৰ আৰক্ষী অধীক্ষকে অফিচিয়েল ম’বাইলটোও DSPৰ হাতত তুলি দিছিল আৰু ইয়াৰ মাজতে ডি এছ পিয়ে কল গাৰ্ল গৰাকীক নিজৰ বাসগৃহলৈ মাতিছিল। টকা নোপোৱাত যুৱতীগৰাকীয়ে গাৰুৰ তলত ৰখা SPৰ মোবাইলটো লৈ গুচি গ’ল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ