দিলোৱাৰ হুছেইন প্ৰসঙ্গত এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ ফুকন দাঙি ধৰিছে নিজা প্ৰতিক্ৰিয়া
‘বেংকটোৰ পৰা অকৰ্তৃতশীলভাবে ৰাজেশ বাজাজ নামৰ এজন ব্যৱসায়ীয়ে ২০ লাখ টকা উলিয়াই নিছিল’
‘এই সন্দৰ্ভত মই BIEO ত এক গোচৰ ৰুজু কৰিছিলো’
‘গোচৰটো ইতিমধ্যে ED এ অনুসন্ধান কৰি আছে’
‘বেংকৰ এক নিবিদা প্ৰক্ৰিয়াৰ অনিয়মকলৈ অপবাখ্য চলি আছে’
‘নিবিদা প্ৰক্ৰিয়াত যোগ্য ভাবে লাভ কৰা প্ৰতিষ্ঠানকহে দিয়া হৈছে ঠিকা’
‘কালি সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা বিষয়টোৰ লগত বেংক কৰ্তৃপক্ষৰ কোনো সম্পৰ্ক নাই’
‘বেংকৰ এগৰাকী বিষয়া আৰু সাংবাদিকজনৰ মাজৰ সংঘাত এয়া’
‘এই সন্দৰ্ভত আইনে নিজৰ সিদ্ধান্ত লব’
‘অৱশ্যে ঘটনাটো যিহেতু বেংকত সংঘটিত হৈছে। সেয়ে বেংক কৰ্তৃপক্ষৰ পৰা এখন এজাহাৰ দাখিল কৰা হৈছে।’
‘ঘটনা সংঘটিত হোৱাৰ সময়চোৱাত মই বিধানসভাত আছিলো। সেয়ে বিশেষ অৱগত নহয়।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ