বিশ্বকৰ্মা পূজা হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ, যি মূলত শিল্প, কাৰুশিল্প আৰু স্থাপত্যৰ দেৱতা বিশ্বকৰ্মাক উৎসৰ্গা কৰি পালিত হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি, বিশ্বকৰ্মা পূজাৰ দিনা কিছু ৰাশিয়ে বিশেষ শুভ ফল লাভ কৰিব পাৰে৷ এই শুভ ৰাশি কি কি?
মেষ ৰাশি
এই ৰাশিৰ জাতকৰ বাবে বিশ্বকৰ্মা পূজা খুবেই শুভ হব পাৰে৷ কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে আৰু পুৰণি সমস্যাৰ পৰা মুক্তি পাব পাৰে৷ ব্যৱসায়ীয়ে নতুন বিনিয়োগৰ পৰা লাভৱান হব৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকে এই দিনটোত কৰ্মক্ষেত্ৰত ডাঙৰ সাফল্য পাব পাৰে৷ পদোন্নতি অথৱা সন্মান বৃদ্ধি হব পাৰে৷ আপোনাৰ সৃজনশীলতা আৰু নেতৃত্ব গুণেৰে প্ৰশংসিত হব৷
কন্যা ৰাশি
এই ৰাশিৰ জাতকৰ বাবে বিশ্বকৰ্মা পূজা আৰ্থিক দিশৰ পৰা খুবেই শুভ হব পাৰে৷ নতুন আয়ৰ উৎস তৈয়াৰ হব পাৰে আৰু আৰ্থিক স্থিতি মজবুত হব৷ কামৰ প্ৰতি আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফল পাব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে এই দিনটো কৰ্মক্ষেত্ৰত বিশেষ সন্মান পোৱাৰ দিন৷ যিসকলে শিল্প অথৱা কাৰুশিল্পৰ সৈতে যুক্ত, তেওঁলোকে সাফল্য লাভ কৰিব৷ আপোনাৰ পৰিশ্ৰম আৰু উদ্ভাৱনী চিন্তাভাৱনাই আপোনাক আগুৱাই লৈ যাব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতকৰ বাবে বিশ্বকৰ্মা পূজাই পেছাগত দিশৰ পৰা ভাল ফল কঢ়িয়াই আনিব৷ আপোনাৰ দীৰ্ঘদিনৰ পৰিশ্ৰমৰ ফল পাব আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লবৰ বাবে এই সময় ভাল সময়৷
(ডিছক্লাইমাৰঃ প্ৰতিবেদনটি জ্যোতিষশাস্ত্ৰৰ গণনাৰ ভিত্তিত লিখা হৈছে৷ ইয়াত লেখা সকলো তথ্য আগন্তুক দিনত সত্য প্ৰমাণিত হব বুলি অসম লাইভ২৪য়ে দাবী কৰা নাই৷ জ্যোতিষশাস্ত্ৰ সংক্ৰান্তিয় কোনো প্ৰশ্ন থাকিলে পেছাদাৰ জ্যোতিষীৰ সৈতে আলোচনা কৰক৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















