ডিজিটেল ডেস্কঃ hit and runৰ আইনখন বিৰোধিতাৰে সমগ্ৰ দেশৰ চালকসকলে বৰ্তমানেও অব্যাহত ৰাখিছে প্ৰতিবাদ। অসমত এই প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰাখিলেও বিহুৰ পাছতে আইনখনৰ বিৰোধিতাৰে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰাজ্যৰ চালক সন্থাই। শেহতীয়াকৈ বিজেপি চৰকাৰক বৰ্জনৰ হুংকাৰ দিলে চালক সন্থাই।
ৰাজ্যৰ প্ৰায় ১৫০টা সংগঠনে লোকসভা নিৰ্বাচনৰ পূৰ্বে এক বৃহত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ হুংকাৰ প্ৰদান কৰিছে। বিহুৰ পাছতে এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি সিদ্ধান্ত লৈছে চালক সন্থাই। ৰাজ্য চৰকাৰৰ কিছু সিদ্ধান্ত আৰু একাংশ মন্ত্ৰীৰ ভাষ্যৰ প্ৰতি অসন্তুষ্ট হৈছে বুলি মত প্ৰকাশ কৰিছে চালক সন্থাই।
শেহতীয়াকৈ বৰপেটাত বাছ-ট্ৰাক শ্ৰমিক ইউনিয়নে সংবাদমেল সম্বোধন কৰি কয় যে, আগন্তুক নিৰ্বাচনত বিজেপিৰ কোনো সভালৈ আমি মানুহ নকঢ়িয়াও। এই সিদ্ধান্ত আমি বিহুৰ পাছতে গ্ৰহণ কৰিম। একাংশ মন্ত্ৰীৰ ভাষ্যই চালকসকলক উত্তেজিত কৰি তুলিছে। আমি যদি লাগিবলে হয় বিজেপি চৰকাৰ উফৰি যাব।”
hit and runৰ আইনখন বিহুৰ পাছতে বাতিল নহলে বৃহত প্ৰত্যাহ্বানৰ সন্মুখীন হব লাগিব বুলি হুংকাৰ প্ৰদান কৰে বাছ-ট্ৰাক শ্ৰমিক ইউনিয়নে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্য চৰকাৰৰ সৈতে হোৱা এক বিশেষ আলোচনাৰ অন্তত অসমত সাময়িকভাৱে স্থগিত কৰা হৈছে চালকসকলৰ প্ৰতিবাদৰ কাৰ্যসূচী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ