অসম লাইভ২৪ঃ সলনি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ ঠিকনা। হাইটেক টেকনলজিৰে বশিষ্ঠত নিৰ্মাণ কৰা কাৰ্যালয়ে আজিৰে পৰা হ’ব নতুন ঠিকনা। কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই উদ্বোধন কৰা কাৰ্যালয়টোৰ ভিতৰত আছে বহু অত্যাধুনিক সা-সুবিধা।
বশিষ্টত নিৰ্মাণ কৰা ৬ মহলীয়া হাইটেক কাৰ্যালয়টোত বুথ পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় নেতৃবৃন্দ লৈ সকলোৰে বাবে আছে বিশেষ কোঠাৰ ব্যৱস্থা। প্ৰায় ৩৫ কোটিৰো অধিক ধনৰ ব্যৱসাপেক্ষে নিৰ্মাণ কৰা কাৰ্যালয়টোক বাজপেয়ী ভৱন নামেৰে নামকৰণ কৰা হৈছে।
কাৰ্যালয়টোৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়, ‘শত-সহস্ৰ কাৰ্যকৰ্তাৰ সেৱা আৰু সমৰ্পনৰ বিনিময়ত নিৰ্মিত ভাৰতীয় জনতা পাৰ্টীৰ স্থায়ী ৰাজ্যিক কাৰ্যালয়টোৰ শুভাৰম্ভণিতেই সকলোকে অভিনন্দন জ্ঞাপন কৰিছো।’
উল্লেখ্য যে ৰাজ্যত কেৱল ৰাজ্যিক কাৰ্যালয়ে নিৰ্মাণ হৈছে এনে নহয়। অসমৰ ১২খন জিলাত জিলাভিত্তিক কাৰ্যালয়ো নিৰ্মাণৰ কাম অচিৰেই সমাপ্ত হ’ব বুলিও জনাইছে ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাসকলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ