অসম লাইভ ২৪ঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছৰে পৰা বিভিন্ন খবৰে গৰম কৰি তুলিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি। তাৰ মাজতেই কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱলে কৰিছে বিস্ফোৰক মন্তব্য। মন্ত্ৰীগৰাকীৰ মতে মহাৰাষ্ট্ৰত পুনৰ গঠন হ’ব বিজেপি আৰু শিৱসেনাৰ মিত্ৰজোঁটৰ চৰকাৰ। মোদীক সাক্ষাতৰ সময়ছোৱাত এই বিষয়ে আলোচনা কৰিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সম্বন্ধে মহাৰাষ্ট্ৰৰ পূৰ্ব মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্ণাণ্ডেজৰ সৈতেও কথা পাতিছে প্ৰধানমন্ত্ৰী মোদীয়ে। উল্লেখযোগ্য যে মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিছিল উদ্ধৱ থাকৰেই। প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি মাৰাথাসকলৰ বাবে সংৰক্ষণৰ দাবী জনাইছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে উদ্ধৱ থাকৰেই কৰিছিল এক মন্তব্য। ‘যদিও ৰাজনীতিকভাৱে আমি একেলগে নাই তথাপিও আমাৰ সম্পৰ্ক অটুট আছে’। উদ্ধৱ থাকৰেই এই মন্তব্যৰ পাছতেই মহাৰাষ্ট্ৰৰ ৰাজনীতিত পৰিৱৰ্তনৰ আশংকা কৰিছে অনেকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















