ধৰ্ষণক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই কৰিছে এক অদ্ভুত মন্তব্য। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে দাবী কৰিছে যে, বেছিভাগ ধৰ্ষণকাণ্ড গ্ৰাম্য অঞ্চলৰ মহিলাসকলে আন্ধাৰত শৌচ কৰিবলৈ যোৱাৰ সময়ত হৈছিল।
কিন্তু, মোদী চৰকাৰে গাঁৱে-ভূঞে শৌচালয় নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়াৰ পিছতে বহু ৰাজ্যত ধৰ্ষণৰ হাৰ হ্ৰাস পাইছে। নৰেন্দ্ৰ মোডী হৈছে বিশ্বৰ প্ৰথমজন প্ৰধানমন্ত্ৰী যিয়ে শৌচাগাৰৰ কথা কৈছিল।
লগতে পঢ়ক পংকজ ত্ৰিপাঠী জীয়ৰীৰ নাম কি? আহক জানো পংকজ ত্ৰিপাঠীৰ কন্যাৰ বিষয়ে…
দিল্লীৰ বিজেপি কাৰ্যালয়ত এক কাৰ্যসূচীত ভাষণ দি পাত্ৰই কেন্দ্ৰত বিজেপি চৰকাৰৰ ৮ বছৰীয়া সাফল্যৰ ৰূপৰেখাও দাঙি ধৰে।
তেওঁ লগতে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বালিকা বিদ্যালয় ভ্ৰমণ কৰি আৰু মহিলাৰ সৈতে মত বিনিময়ৰ কৰি উপলব্ধি কৰিছিল যে ছাত্ৰীৰ ড্ৰপআউটৰ হাৰ ল’ৰাতকৈ বেছি। বিদ্যালয়ত শৌচালয় নথকাৰ বাবেই ছাত্ৰীয়ে ড্ৰপআউট কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ