নিৰ্বাচনৰ পূৰ্বে ভয়ংকৰ ঘটনা। যোৰহাটত সংঘটিত হৈছে ৰহস্যজনক বিস্ফোৰণ।

হঠাতে এটা বিকট শব্দ শুনি দৌৰি আহে ওচৰ-চুবুৰীয়া, দেখে এজন ব্যক্তি ক্ষত-বিক্ষত হৈ তলত পৰি আছিল।

বিস্ফোৰণৰ ফলত মৃত্যু হোৱা যুৱকজনৰ নাম নূৰ আহমেদ। স্থানীয় ৰাইজৰ ভাষ্যনুসৰি, নগাঁৱৰ যুৱকজনে যোৰহাটত ভাৰাতীয়া হিচাপে আছিল।

এই ভয়ংকৰ বিস্ফোৰণত থিতাতে নূৰ আহমেদ নিহত হোৱাৰ লগতে তেওঁৰ পুত্ৰও চিকিৎসালয়ত মৃত্যু হয়।

এই বিস্ফোৰণত নিহত দুই যুৱক হৈছে নুৰ আহমেদ আৰু ইকবাল হুছেইন। এই ঘটনাত আন দুগৰাকী ব্যক্তিও আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

যোৰহাটৰ ৰজা মৈদানত সংঘটিত হৈছে এই ঘটনা। এতিয়াও সন্দেহৰ আৱৰ্তত এই বিস্ফোৰণ। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















