আজি ৰথযাত্ৰা৷ বিশ্ববাসীৰ বাবে আজিৰ দিনটো খুবেই পবিত্ৰ৷ আকৌ জ্যোতিষশাস্ত্ৰ অনুসৰি আজি চন্দ্ৰ কৰ্কট ৰশিত আৰু শুক্ৰই মেষ ৰাশিত গোচৰ কৰিব৷ ফলত তৈয়াৰ হব বিৰল চতুৰ্থ দশম যোগ৷ চতুৰ্থ দশম যোগে পাৰিবাৰিক স্বস্তি, আৰাম, যশ খ্যাতি প্ৰভৃতিক নিৰ্দেশ কৰে৷ ফলত জগন্নাথৰ আশীৰ্বাদত এই পবিত্ৰ দিনটোত ভাগ্য খুলিব একাধিক ৰাশিৰ৷ জ্যোতিষশাস্ত্ৰই কৈছে আজিৰ দিনটো বিশেষ কিছু ৰাশিৰ বাবে আশীৰ্বাদস্বৰূপ হব৷
মেষ ৰাশি
চাকৰিয়াল প্ৰাৰ্থীৰ বাবে শুভ সংবাদ আহিব পাৰে৷ যিসকলে কৰ্মজীৱনত বঞ্চিত তেওঁলোকৰ বাবে আজিৰ দিনটোত নতুন সুযোগৰ দ্বাৰ খুলিব পাৰে৷ পাৰিবাৰিক জীৱনত মানসিক শান্তি থাকিব৷
কৰ্কট ৰাশি
ৰথযাত্ৰাৰ দিনটোত চন্দ্ৰৰ অৱস্থানৰ ফলত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ নতুন গতি আহিব৷ ব্যৱসায়িক সাফল্য আহিব পাৰে৷ দাম্পত্য জীৱনত ৰোমান্স থাকিব৷
কন্যা ৰাশি
আৰ্থিক দিশৰ পৰা আজিৰ দিনটো বেছ ইতিবাচক৷ পুৰণি ঋণ দূৰ হোৱাৰ সম্ভাৱনা৷ পুৰণি বন্ধুৰ সৈতে যোগাযোগত নতুন দিশা লাভ কৰিব৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই মঙ্গলময়৷ আজিৰ দিনটো ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যকলাপ অতিবাহিত কৰিব পাৰে৷ দূৰযাত্ৰাৰ সম্ভাৱনা আছে৷ ভাগ্যৰ সহায়তাত ৰৈ থকা কাম আকৌ গতিশীল হব পাৰে৷
মীন ৰাশি
চাকৰি আৰু ব্যৱসায় দুই দিশতেই উন্নতিৰ ইংগিত৷ ৰথযাত্ৰাৰ পুণ্য দিনটোত নতুন পৰিকল্পনা আৰম্ভ কৰাৰ আদৰ্শ সময়৷ স্বাস্থ্যৰ অনুকূল থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















