কাম খুবেই ভাল৷ ভাল কাম কৰাৰ বাবেই ব্লকৰ ভিতৰত ভাল বিএলঅ’ হিচাপে তেওঁ পুৰস্কাৰো পাইছিল৷ আৰু তেওঁৰ হাতলৈকে আহিল লজিকেল ডিছক্ৰেপন্সিৰ বাবে শুনানিৰ নটিছ৷ কেৱল নিজৰ নামেই নহয় মাতৃৰ নামতো সেই বিএলঅ’ক শুনানিৰ নটিছ পঠিওৱা হৈছে৷ আগন্তুক ২৯ জানুৱাৰীত মাতৃ আৰু বিএলঅ দুয়োৱে কাটোৱাৰ বিডিঅ’ অফিচত হাজিৰা দিব লাগিব৷ সেই নিৰ্দেশো দিয়া হৈছে৷ SIRত নিজৰ পৰিয়ালৰেই দুজনৰ লজিকেল ডিছক্ৰেপেন্সি কেনেকৈ দেখা গৈছে সেয়া এতিয়াও বুজিব পৰা নাই BLO আতিয়াৰ ৰহমানে৷
কাটোৱাৰ হৰিপুৰ গাওঁৰ বাসিন্দা আতিয়াৰ ৰহমান৷ কাটোৱাৰ সুদপুৰ উচ্চ বিদ্যালয়ৰ অংকৰ শিক্ষক তেওঁ৷ পশ্চিমবংগত চলা SIR সংক্ৰান্তিয় কামত BLO হিচাপে দায়িত্ব পাইছিল৷ হৰিপুৰ গাওঁৰ ১০ নম্বৰ বুথৰ BLOৰ দায়িত্বত আছে আতিয়াৰ ৰহমান৷ সেই বুথতেই মুঠ ভোটাৰৰ সংখ্য ১২৭৩ জন৷ হ
এতিয়া হিচাপৰ অন্তত ওলাইছে মুঠ ১১৬০ জন ভোটাৰ৷ জনা গৈছে সেই বুথত ১৯জনৰ নো মেপিং ধৰা পৰিছে৷ ইয়াৰপাছতেই ২৮২ জনক প্ৰথম দফাৰ শুনানিত মতা হয়৷ তেওঁলোকক শুনানিৰ পাছত তথ্য আপলোড কৰাৰ কামত BLO হিচাপে আতিয়াৰ ৰহমানে সহায়ো কৰিছিল৷ তাৰপিছতেই আকৌ ২৫ জনৰ নামত নটিচ আহে৷ আৰু সেই নটিছ হাতত লৈ অবাক হৈ পৰে বি এল অ আতিয়াৰ৷ কাৰণ এই শুনানিলৈ মতা হৈছে আতিয়াৰ ৰহমান আৰু তেওঁৰ ৬৫ বছৰ বয়সীয়া মাতৃ মুছকুৰা বিবি শ্বেখ৷ আগন্তুক ২৯ জানুৱাৰীত দুয়োৱে শুনানিত হাজিৰ হ’ব লাগিব বুলিও নটিছত উল্লেখ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















