যদি নিশাৰ আকাশ পৰিষ্কাৰ আৰু দূষণমুক্ত থাকে তেতিয়াই আমি চন্দ্ৰক স্পষ্টৰূপত দেখা পাওঁ৷ জোন ক চাবৰ বাবে যেনেকৈ ধৈৰ্য্য ধৰে তেনেকৈ ব্লাড মুন চাবৰ বাবেও আপুনি কিছু ধৈৰ্য্য ধৰাটো প্ৰয়োজন৷ চলিত বছৰৰ ১৩ আৰু ১৪ মাৰ্চত এই বিৰল মহাজাগতিক ঘটনা ঘটিব৷ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণতেই আপোনালোকে দেখিব এই ব্লাড মুন৷
২০২২ চনৰ পাছত আকৌ এই মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী৷ সেইদিনা চন্দ্ৰৰ বৰণ ৰঙা হৈ পৰিব৷ ব্লাড মুন বা ৰঙা চন্দ্ৰ তেতিয়া দেখা যায় যেতিয়া চন্দ্ৰ পৃথিৱীৰ ছায়াৰ মাজত সোমাই পৰে৷ পৃথিৱীয়ে যেতিয়া সূৰ্য আৰু চন্দ্ৰৰ মাজত অৱস্থান কৰে তেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবাহিত হয় আৰু বায়ুমণ্ডলে তাৰ মাজেৰে সূৰ্যলোকক প্ৰতিফলিত কৰে৷ বায়ুমণ্ডলে সূৰ্যৰ পোহৰক এনেকৈ প্ৰতিফলিত কৰিব যি দেখাত ৰঙা অথৱা কমলা ৰঙৰ হ’ব৷
১৩ বা ১৪ মাৰ্চত এই ব্লাড মুন বিভিন্ন অঞ্চলৰ পৰা দেখা যাব৷ বিশ্বব্যাপী এই দৃশ্য উপভোগ কৰা যাব৷ বিশেষকৈ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ দেশসমূহত এই দৃশ্য দেখা যাব৷ মাৰ্কিন যুক্তৰাজ্য, কানাডা, মেক্সিকো, ব্ৰাজিল, আৰ্জেণ্টিনা আৰু চিলিৰ পৰাও এই পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ সম্পূৰ্ণৰূপে দেখা যাব৷ এই সময়ত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্য শাৰীবদ্ধ হৈ পৃথিৱীৰ ছায়াৰ মাজত সোমাই পৰিব৷
এই বিৰল আৰু চমকপ্ৰদ মহাজাগতিক ঘটনা চাবলৈ আগ্ৰহী হৈ আছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনতা৷ বিশেষকৈ আকাশপ্ৰেমী আৰু জ্যোতিৰ্বিজ্ঞানীয়ে এই বিৰল দৃশ্য চাবৰ বাবে সাজু হৈ আছে৷ ইয়াৰ পূৰ্বে এই ধৰণৰ ব্লাড মুন দেখা গৈছিল ২০২২ চনত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ