হতভম্ব সকলো! ইৰাণত পৰিল তেজৰ দৰে ৰঙা বৰষুণ, ফটো-ভিডিঅ’ ভাইৰেল
ইৰাণৰ এক প্ৰাকৃতিক ঘটনাই সকলো বিশ্ববাসীক হতভম্ব কৰি তুলিছে। এক অলৌকিক ঘটনাৰ দৰে হৈছে ইৰাণত। ইৰাণত দেখা পোৱা গৈছে তেজৰ দৰে ৰঙা বৰষুণ। বৰষুণৰ পাছতে ৰঙা পৰে ইৰাণৰ এক অঞ্চল। যাৰ পাছতে ভাইৰেল হৈ পৰে সেই ৰঙা বৰষুণৰ ভিডিঅ আৰু ফটো।
ভিডিঅ দেখাৰ পাছতে মানুহে ইয়াৰ বিষয়ে জানিবলৈ তথা এই তেজৰ বৰষুণৰ বিষয়ে জানিবলৈ উত্ৰাৱল হৈ পৰে।
প্ৰথমে ২২ ফেব্ৰুৱাৰীত এগৰাকী ইৰাণী টুৰিষ্ট গাইডৰ ইনষ্টাগ্ৰাম একাউণ্টত এই তেজৰ বৰষুণৰ ভিডিঅ দেখিবলৈ পোৱা গৈছিল। সেই তেজৰঙা পানী বৈ গৈ পৰিছিল সাগৰত।
অৱশ্যে ইয়াৰ পাছৰ বৈজ্ঞানিক কাৰণ হৈছে সেই অঞ্চলৰ ৰঙা মাটি। তেজৰ দৰে ৰঙা মাটিত মিহলি হৈ আছে অত্যাধিক মাত্ৰাত আইৰণ অক্সাইড। যাৰ বাবে বৰষুণৰ পানী পৰাৰ লগে লগে ৰাষায়নিক ক্ৰিয়া হৈ তেজৰ দৰে ৰঙা হৈ পৰে।
এই ঘটনা কোনো অসামান্য ঘটনা নহয়। সেই অঞ্চলত ই একেবাৰে সামান্য ঘটনা। ই একে সামান্য প্ৰাকৃতিক ঘটনা। ইৰাণত ই প্ৰতি বছৰে হয়, আৰু পৰ্যটকৰ বাবে বহু আকৰ্ষণৰ কাৰণ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ