কাৰ্তিক আৰয়ানৰ সৈতে নাম সাঙোৰ খোৱা শ্ৰীলীলা কোন? ২৩ বছৰতেই দুই সন্তানৰ মাতৃ
জয়পুৰত অনুষ্ঠিত হোৱা এক এৱাৰ্ড শ্ব’ত বলীউডৰ অভিনেতা কাৰ্তিক আৰয়ানৰ মাতৃ মালা তিৱাৰীয়ে পুত্ৰৰ প্ৰেমৰ সম্পৰ্কৰ ইংগিত দিয়াৰ পিছৰে পৰা কাৰ্তিক আৰিয়ান আৰু শ্ৰীলীলাৰ নাম বিশেষভাৱে চৰ্চিত হৈ আছে।
কাৰ্তিকৰ মাতৃক তেওঁৰ ভৱিষ্যত বোৱাৰীৰ বিষয়ে সোধাত তেখেতে উত্তৰ দিছিল, ‘পৰিয়ালে এজন ভাল ডাক্তৰ বিচাৰে’, যাৰ বাবে জল্পনা-কল্পনাৰ সৃষ্টি হৈছে কাৰণ শ্ৰীলীলা এগৰাকী টলিউডৰ অভিনেত্ৰী হোৱাৰ লগতে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীধাৰীয়ো। ২০০১ চনৰ ১৪ জুনত জন্মগ্ৰহণ কৰা শ্ৰীলিলাই তেলেগু আৰু কানাড়া ছবিত ইতিমধ্যে নিজৰ নাম উজলাই তুলিছে।
এক ৰক্ষণশীল পৰিয়ালৰ হোৱাৰ পিছতো শ্ৰীলীলাই চিকিৎসা বিজ্ঞানৰ অধ্যয়নৰ সমান্তৰালভাৱে অভিনয়ো কৰি আহিছে। ২০২১ চনত এম বি বি এছ সম্পূৰ্ণ কৰাৰ পূৰ্বেই চিনেমাত অভিষেক ঘটায়। ইয়াৰ উপৰি শ্ৰীলীলা এগৰাকী প্ৰশিক্ষিত ভাৰতনট্যম নৃত্যশিল্পীও।
২৩ বৰ্ষীয়া শ্ৰীলীলা দুটি সন্তানৰো মাতৃ। ২০২২ চনত শ্ৰীলীলাই অনাথ আশ্ৰমলৈ গৈ গুৰু আৰু শোভিতা নামৰ দুটি বিশেষভাৱে সক্ষম শিশুক দত্তক লয়। এক প্ৰতিবেদন অনুসৰি বৰ্তমান শ্ৰীলীলাৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৫ কোটি টকা। প্ৰথম অৱস্থাত তেওঁ চিনেমাৰ বাবে প্ৰতি ঘণ্টাত ₹৪ লাখ টকা লৈছিল। তাৰ পিছত মাচুল ১.৫ কোটিলৈ বৃদ্ধি পায়, যিটো পিছলৈ ৩ কোটি টকালৈ বৃদ্ধি পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ