হোলিৰ দিনাই ২০২৫ চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ৷ জ্যোতিষশাস্ত্ৰমতে গ্ৰহণক শুভ বুলি ধাৰণা কৰা হয়৷ হোলিৰ দিনাই চন্দ্ৰগ্ৰহণ পৰাক লৈ বহুতৰে মনত প্ৰশ্ন আছে৷ দৌল পূৰ্ণিমাৰ তিথি ইতিমধ্যেই আৰম্ভ হৈছে৷ জ্যোতিষমতে এই চন্দ্ৰগ্ৰহণে বহুতকে শুভ ফল দিব৷ কোন কোন ৰাশি এই চন্দ্ৰগ্ৰহণৰ পৰা লাভৱান হব?
১৪ মাৰ্চৰ চন্দ্ৰগ্ৰহণৰ সময়কাল
ভাৰতীয় সময় অনুসৰি ১৪ মাৰ্চ গ্ৰহণৰ উপছায়া স্পৰ্শ হ’ব পুৱা ৯ বাজি ২৬ মিনিটত৷ গ্ৰহণৰ স্পৰ্শ বা আৰম্ভ কাল পুৱা ১০ বাজি ৩৯ মিনিট৷ পূৰ্ণগ্ৰাস গ্ৰহণৰ সমাপ্তি দুপৰীয়া ২ বাজি ১৮ মিনিট৷ উপছায়া মোক্ষ ত্যাগ দুপৰীয়া ৩ বাজি ৩২ মিনিট৷ পঞ্জিকামতে গ্ৰহণৰ স্থিতি ৩ঘণ্টা ৩৯ মিনিট৷
চন্দ্ৰগ্ৰহণৰ ফলত কাৰ কাৰ ভাগ্য খুলিব?
চন্দ্ৰগ্ৰহণৰ ফলত শুক্ৰাদিত্য আৰু মালব্য যোগ তৈয়াৰ হব৷ এই দুই ৰাজযোগ শুভ প্ৰমাণিত হব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ ভাগ্যবান ৰাশিৰ তালিকাত আছে-
তুলা ৰাশি
আপোনাৰ ৰাশিত চন্দ্ৰগ্ৰহণ ১১ তম ভাৱে তৈয়াৰ হৈছে৷ ইয়াৰফলত বন্ধুৰ পৰা কোনো ভাল খবৰ পাব পাৰে আপুনি৷ আপোনাৰ আয়ো এই সময়ত ভালেই থাকিব৷ কেৰিয়াৰত উন্নতিৰ যোগ আছে৷ এই সময়ত বিনিয়োগৰ সৈতে লাভো আহিব৷ ব্যৱসায়ৰ সৈতে জড়িত লোকৰ লাভ হব৷ বিদেশলৈ যোৱাৰো সুযোগ পাব৷ ব্যৱসায়ত লাভ হব৷
বৃশ্চিক ৰাশি
আপোনাৰ ৰাশিত দশমভাৱে এই যোগ হব৷ ব্যৱসায়ৰ সৈতে জড়িতসকলে কোনো ডাঙৰ লাভ পাব পাৰে৷ বিবাহিতসকলৰ দাম্পত্য জীৱন পূৰ্বতলৈ ভাল হব৷ জীৱনলৈ সুখ শান্তি আহিব৷ পৰিয়ালৰ সকলোৰে সৈতে সম্পৰ্ক ভালে থাকিব৷ কৰ্মক্ষেত্ৰত সাফল্য পাব৷ সম্পৰ্কসমূহ পূৰ্বতকৈ ভাল হব৷ সঞ্চয় বাঢ়িব৷ বহু পুৰণি ইচ্ছা পূৰণ হব৷
ধনু ৰাশি
চন্দ্ৰগ্ৰহণে আপোনাৰ গোচৰ কুণ্ডলীত নৱমভাৱে আছে৷ এই সময়ত আপোনাৰ ভাগ্য়োদয় হব৷ দেশ বিদেশত ঘোৰাৰ সুযোগ পাব৷ কৰ্মক্ষেত্ৰত সাফল্য আহিব৷ পঢ়ুৱৈসকলে ডাঙৰ সাফল্য পাব পাৰে৷ চাকৰিয়ালৰ কৰ্মস্থলত বিশাল লাভ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ