আলু খালে বেয়া! কিমান সত্য এই কথা, সিদ্ধ আলু খাওক, বহু বেমাৰ আঁতৰত ৰাখক
আলু খালে ওজন বৃদ্ধি হয় বুলি বহুতে ভাবে। কিন্তু সিজোৱা আলু খাই ওজন বৃদ্ধি কৰাৰ পৰিৱৰ্তে ইয়াৰ বহু উপকাৰ পোৱা যায়। এই বিষয়ে জানি লওক-
ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহিব
আলুত থকা আঁহ শৰীৰত প্ৰৱেশ কৰাৰ পিছত ৰক্তচাপ নিয়ন্ত্ৰণত আনিবলৈ বেছি সময় নালাগে। তাৰ লগতে বেয়া কলেষ্টেৰলৰ মাত্ৰাও লক্ষ্যণীয়।
ফলত হৃদযন্ত্ৰৰ কোনো ধৰণৰ ক্ষতি হোৱাৰ আশংকা নাথাকে।
মগজুৰ শক্তি বৃদ্ধি পায়
যদি আপুনি নিয়মিতভাৱে সিজোৱা আলু খাবলৈ আৰম্ভ কৰে তেন্তে মগজুৰ শক্তি বৃদ্ধি পাব। দৰাচলতে আলুত উপস্থিত থকা বিভিন্ন উপকাৰী উপাদানে শৰীৰত প্ৰৱেশ কৰাৰ পিছত মগজুৰ শক্তি নিমিষতে বৃদ্ধি কৰাত বিশেষ ভূমিকা পালন কৰাৰ লগতে মগজুৰ ক্লান্তি দূৰ কৰাত সহায় কৰে।
আঁহৰ প্ৰয়োজনীয়তা পূৰণ কৰা
এটা মধ্যমীয়া আকাৰৰ আলুত প্ৰায় ২ গ্ৰাম আঁহ থাকে, যিটো দিনটোৰ বাবে প্ৰয়োজনীয় মুঠ আঁহৰ প্ৰায় ৮ শতাংশ। ডায়েটেৰী ফাইবাৰে কেইবাটাও ৰোগ প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা পালন কৰে। কোনো সময়তে শৰীৰত যাতে আঁহৰ অভাৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আৰু এই ক্ষেত্ৰত আলুৰ বিকল্প থকা যেন নালাগে।
ভিটামিন চিৰ যোগান
শৰীৰক সুস্থ কৰি ৰাখিবলৈ এই বিশেষ ভিটামিনৰ বিকল্প নাই যেন লাগে। আৰু নিয়মীয়াকৈ আলু খালে শৰীৰত থকা এই বিশেষ উপাদানটোৰ অভাৱ নাইকিয়া হ’বলৈ সময় নালাগে। ফলত কেইবাটাও ৰোগে স্বাভাৱিকতে আঁতৰি থাকিবলৈ বাধ্য হয়। তাৰ লগতে কলেষ্টেৰলৰ মাত্ৰাও কমিবলৈ আৰম্ভ কৰে। ফলত হঠাৎ হাৰ্ট এটেকৰ সম্ভাৱনা কমি যায়। কেৱল এয়াই নহয়, যিকোনো ধৰণৰ হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও কমি যায়। সেইবাবেই ডাক্তৰে পুষ্টিকৰ খাদ্যৰ তালিকাৰ শীৰ্ষত আলুক স্থান দিয়ে।
পটাছিয়ামৰ অভাৱ নাইকিয়া কৰে
কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে আলুত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও শৰীৰৰ উপকাৰ হয়। লগতে এইটো জনাটো ভাল যে কলৰ তুলনাত আলুত পটাছিয়াম বহুত বেছি থাকে। গতিকে নিয়মিতভাৱে আলু খাবলৈ আৰম্ভ কৰিলে ৰক্তচাপৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱাৰ সম্ভাৱনা সম্পূৰ্ণৰূপে হ্ৰাস পায়।
ছালৰ সৌন্দৰ্য্য বাঢ়িব
আলুত থকা ভিটামিন চি, বি কমপ্লেক্স, পটাছিয়াম, মেগনেছিয়াম, ফছফৰাছ আৰু জিংকে দেখুৱাইছে যে শৰীৰত প্ৰৱেশ কৰাৰ পিছত যিকোনো ধৰণৰ ছালৰ ৰোগৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰিবলৈ সময় নালাগে। আলুক ছালৰ যত্নতো আন ধৰণে ব্যৱহাৰ কৰিব পাৰি। আলু লৈ তাৰে পেষ্ট বনাব। তাৰ পিছত সেই পেষ্টৰ লগত অলপ মৌ মিহলাই মুখত লগাব। প্ৰতিদিনে যদি আপুনি আপোনাৰ ছালৰ যত্ন লয় তেন্তে আপুনি বহু ভাল ফলাফল দেখিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ