অসম লাইভ২৪ঃ কিছুদিন ধৰি বলীউডত উঠিছে বিবাহৰ গুঞ্জন। দক্ষিণৰ জনপ্ৰিয় অভিনেতা প্রভাসেৰ সৈতে কৃতি শ্বেননৰ প্ৰেমৰ গুঞ্জৰ উঠিছে বলীউডত। ভাইৰেল খবৰ অনুসৰি ‘আদিপুৰুষ’ ৰ শ্বুটিঙতেই প্ৰভাসে প্ৰেম নিবেদন কৰিছিল কৃতিক। এই প্ৰসংগটোক সকলোৰে দৃষ্টিৰ সন্মুখলৈ আনিছিল বৰুণ ধাৱানে। কিন্তু এই বিষয়টোৱে দেশজুৰি চৰ্চা লাভ কৰিলেও মতামত দিয়া নাছিল প্ৰভাস-কৃতিয়ে।
অৱশেষত মৌনতা ভাঙিলে জনপ্ৰিয় অভিনেতা দুগৰাকীয়ে। নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই কথা স্পষ্ট কৰিছে কৃতিয়ে। কৃতিয়ে ইনষ্টাগ্ৰাম পষ্টত লিখিছে, ‘এয়া প্ৰেম নহয়, জনতাৰ দৃষ্টি আকৰ্ষণৰ উপায়ো নহয়। ৰিয়েলিটি শ্বত আমাৰ এই বিষয়টোৱে সম্পূৰ্ণ ভুলৰূপত প্ৰচাৰ হৈ আছে। কোনো সংবাদ মাধ্যমে আমাৰ বিয়াক লৈ তথ্য প্ৰচাৰ কৰোতে এই খবৰৰ সত্যাসত্য বিচাৰ কৰি ল’ব।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















