বলিউদৰ মোহময়ী অভিনেত্ৰী তথা ৰণবীৰ কাপুৰৰ পত্নী আলিয়া ভাটে চ’ছিয়েল মিডিয়াৰ যোগে এটা অতি ভাল খবৰ শ্বেয়াৰ কৰিছে৷ নিজৰ অনুৰাগীসকলক উদ্দেশ্যি আলিয়া ভাটে কয় যে তেওঁ গৰ্ভ ধাৰণ কৰিছে৷ অতি সোনকালে মাতৃত্ব লাভ কৰিব তেওঁ৷
আল্ট্ৰাছাউণ্ড কৰা সময়ৰ এখন ফটো শ্বেয়াৰ কৰি আলিয়াই ফটোখনৰ কেপচনত লিখিছে যে ‘‘আমাৰ কেঁচুৱা ….. অতি সোনকালে আহি আছে।’’
লগতে পঢ়ক উঃ মাঃৰ চূড়ান্ত ফলাফল : কলাত ছাত্ৰীৰ, বাণিজ্যত ছাত্ৰৰ আৰু বিজ্ঞানত আধিপত্য কাৰ?
উল্লেখ্য বহু জল্পনা কল্পনাৰ অন্তত প্ৰায় পাঁচটা বছৰৰ প্ৰেমৰ সম্পৰ্কত থকা আলিয়াই বলিউদৰ অভিনেতা ৰণবীৰ কাপুৰৰ সৈতে চলিত বৰ্ষৰ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল৷ তেওঁলোকৰ বিবাহে দুটা মাহ অতিক্ৰম কৰাৰ পিছতে তেওঁলোক যে পিতৃ-মাতৃ হ’বলৈ গৈ আছে সেই কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷
View this post on Instagram
এই খবৰটোৱে সকলোকে আচৰিত কৰি তুলিলেও তেওঁলোকৰ অনুৰাগীসকলে দুয়োকে শুভেচ্ছাৰে উপচাই পেলাইছে৷ নিজৰ ইনষ্টাগ্ৰামত আলিয়া ভাটে এখন ফ’টোৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰাৰ লগে লগে প্ৰায় চাৰে তিনি লাখ লোকে লাইক কৰাৰ লগতে প্ৰায় ষাঠি হাজাৰ লোকে শুভেচ্ছামূলক মন্তব্য কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ