আজি বিশ্ব ধঁপাত বিৰোধী দিৱস৷ মাৰাত্মক ধঁপাতৰ সেৱন কৰিয়ে সমগ্ৰ বিশ্বত বছৰি কেইবালাখ লোক মৃত্যুমুখত পৰে। সাধাৰণ লোককে ধৰি বহু তাৰকা শিল্পীও ধঁপাত সেৱন কৰে।
বলীউডৰ একাংশ তাৰকা ধঁপাত সেৱনত আসক্ত আছিল যদিও এটা সময়ত ধঁপাতৰ নিচাৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হয়। ধঁপাতৰ নিচাৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হোৱা বলীউডৰ তাৰকাসকলৰ বিষয়ে তলত উল্লেখ কৰা হৈছে৷
বলীউডৰ ‘ভাইজান’খ্যাত ছলমান খান এজন নিয়মিত ধঁপাত সেৱনকাৰী অভিনেতা আছিল। ধঁপাতৰ সেৱন কৰি বিভিন্ন সমস্যা পোৱাত পৰৱৰ্তী সময়ত ধঁপাত সেৱন ত্যাগ কৰে।
এসময়ত গ্ৰীক গড খ্যাত বলীউডৰ অভিনেতা ঋত্বিক ৰোশনেও অত্যধিক ধঁপাত সেৱন কৰিছিল। ‘ক্ৰিছ’ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ দিনৰে পৰা ঋত্বিকে ধঁপাত সেৱন কৰিছিল। ২০২০ বৰ্ষত ঋত্বিকে ‘WAR’ চলচ্চিত্ৰৰ প্ৰচাৰৰ সময়ত ধঁপাত ত্যাগ কৰাৰ কথা সদৰি কৰে।
ঋত্বিকে ধঁপাতক মাৰাত্মক ভাইৰাছ বুলি অভিহিত কৰিছে। ধঁপাতৰ নিচাত প্ৰখ্যাত মডেল তথা অভিনেতা অৰ্জুন ৰামপালো আসক্ত আছিল। প্ৰখ্যাত অভিনেতাগৰাকীয়ে স্কুলত পঢ়া দিনৰে পৰা ধঁপাত সেৱন কৰিছিল।
২০২০ চনৰ দেশজুৰি হোৱা লকডাউনৰ সময়ত পুত্ৰ আৰিকে তেওঁক ধঁপাত সেৱন ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল।
ধপাতৰ কৰাঁল গ্ৰাসত বলীউডৰ নবাব খ্যাত অভিনেতা শ্বঈফ আলী খানো পৰিছিল। শ্বঈফ আলী খান হৃদজনিত সমস্যাত পৰি ৩৬ বছৰ বয়সত ধঁপাত এৰিবলৈ বাধ্য হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ