এক লোমহৰ্ষক হত্যাকাণ্ড পোহৰলৈ আহিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এগৰাকী প্ৰেমিকে নিজৰ প্ৰেমিকাক হত্যা কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৩ ফেব্ৰুৱাৰিত হত্যাকাণ্ডটো সংঘটিত কৰা হৈছে৷ বিকানেৰ গামনা পীৰ ৰোডৰ এটা ঘৰত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল৷
লগতে পঢ়ক কীয়েভ দখলৰ পূৰ্বে ৰৈ গৈছে ৬৪ কিঃমিঃ ৰুছ সেনাৰ বিশাল কনভয়! কিন্তু কিয়?
আৰক্ষীয়ে খবৰ লাভ কৰিয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে৷ আৰক্ষীৰ মতে যুৱতীগৰাকীৰ বাওঁ হাত টাটু কৰি ‘নিশা’ লিখি থোৱা আছিল৷ ইয়াৰ পিছতে যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰৰ বাবে সামাজিক মাধ্যমক আৰক্ষীয়ে ব্যৱহাৰ কৰে৷ এইদৰে যোৱা ২৭ ফেব্ৰুৱাৰিত আৰক্ষীয়ে যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ যুৱতীগৰাকীৰ নাম নিশা আৰু বিকানেৰ প্ৰতাপ নগৰৰ বাসিন্দা আছিল৷
লগতে পঢ়ক যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত পাকিস্তানী আৰু তুৰ্কী শিক্ষাৰ্থীৰ হাতত ভাৰতৰ জাতীয় পতাকা কিয়?
যুৱতীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীৰ তদন্ত অধিক অগ্ৰগতি লাভ কৰে৷ আৰক্ষীয়ে যুৱতীগৰাকীৰ বন্ধু বান্ধৱীৰে যোগাযোগ কৰি তেওঁৰ প্ৰেমিকৰ পৰিচয় লাভ কৰে৷ আৰক্ষীয়ে এটা বিশেষ তদন্তকাৰী দল গঠন কৰি উক্ত যুৱকজনৰ সন্ধানত গুজৰাটলৈ প্ৰেৰণ কৰি যুৱতীগৰাকীৰ প্ৰেমিকক আটক কৰে৷
ইয়াৰ পিছতে আৰক্ষীয়ে আদিল নামৰ প্ৰেমিকজনক জেৰা আৰম্ভ কৰে৷ আৰক্ষীৰ আগত প্ৰেমিক আদিলে প্ৰকাশ কৰা মতে জন্মদিনৰ অজুহাত যুৱতীগৰাকীক এক পাৰ্টিলৈ লৈ যোৱা হৈছিল আৰু বন্ধু আখটাৰৰ সহযোগত যুৱতীগৰাকীৰ চকুত পটি বান্ধি ছুৰিৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল৷
লগতে পঢ়ক ইউক্ৰেইনত সংকটত ভাৰতীয় শিক্ষাৰ্থী : যুদ্ধবিধ্বস্ত ৰাজধানী কীয়েভ ত্যাগৰ নিৰ্দেশ
যুৱতীগৰাকীয়ে আদিলক বিয়াৰ লগতে অন্যান্য কিছুমান দাবী কৰি অহাৰ বাবে হত্যাৰ কৰা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ