নাম ক্ৰিষ্টিনা ৰ’৷ বয়স ২৮ বছৰ৷ পেচা মডেল৷ কিছুদিন পূৰ্বে এখন নদীৰ পাৰত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল৷
মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কোনে হত্যা কৰিলে তাকেই লৈ ৰহস্যৰ সৃষ্টি হয়৷ আৰক্ষীয়ে প্ৰথমাৱস্থাত কোনো ক্লু লাভ কৰা নাছিল৷ পিছে মানসিকভাৱে কিছু ভাৰসাম্যহীন তেওঁৰ প্ৰেমিক চাৰ্লছ বায়েৰ্নৰ প্ৰতি সন্দেহ হয় আৰক্ষীৰ৷
ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ আৰক্ষীৰ তদন্তত অতি ভয়ংকৰ তথা বীভৎস তথ্য পোহৰলৈ আহে৷ যিটো সন্দেহত প্ৰেমিক চাৰ্লছে প্ৰেমিকা ক্ৰিষ্টিনাক হত্যা কৰিছিল, সেয়া আছিল সম্পূৰ্ণৰূপে ভিত্তিহীন৷
লগতে পঢ়ক ১০০ গৰাকী কৰ্মচাৰীক একোখনকৈ গাড়ী উপহাৰ এক প্ৰতিষ্ঠানৰ
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰেমিক চাৰ্লছে প্ৰেমিকা ক্ৰিষ্টিনাক সন্দেহ কৰিবলৈ আৰম্ভ কৰে৷ চাৰ্লছৰ মতে প্ৰেমিকা ক্ৰিষ্টিনাই কিশোৰসকল ধৰ্ষণ কৰে৷ চালৰ্ছৰ মতে ক্ৰিষ্টিনাই ইজনৰ পিছত সিজনকৈ কিশোৰক ধৰ্ষণ কৰি আহিছে৷ যৌন নিৰ্যাতন চলাই আহিছে৷ কিশোৰসকলৰ লগত বলপূৰ্বকভাৱে যৌন সম্পৰ্ক স্থাপন কৰি আহিছে৷ সেয়া ক্ৰিষ্টিনাৰ নিচাত পৰিণত হৈছে৷
এই সন্দেহে চাৰ্লছৰ মনত বাঁহ লোৱাৰ পিছতে তেওঁ ক্ৰিষ্টিনাক হত্যা কৰিবলৈ পৰিকল্পনা কৰিলে৷ মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত হৈ পৰা চাৰ্লছে ফেব্ৰুাৰিৰ এটা নিশা ক্ৰিষ্টিনাৰ ওচৰলৈ আহে আৰু সেই নিশাই চাৰ্লছে ক্ৰিষ্টিনাক হত্যা কৰে৷ এই হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী হয় ক্ৰিষ্টিনাৰ শিশু কন্যা৷ ধৰা পৰাৰ ভয়ত শিশুটিকো ডিঙিত ধৰি বেৰত মূৰটো থেতেলা মাৰি দিয়ে৷ সেই আক্ৰমণত শিশুটি মূৰ্চ্ছা যায়৷ এতিয়া শিশুটি চিকিৎসাধীন হৈ আছে৷
ইফালে চাৰ্লছে ক্ৰিষ্টিনাৰ মৃতদেহটো এটা বেগত ভৰাই গাড়ীৰে নি দলঙৰ পৰা নদীলৈ পেলাই দিয়ে৷ এটা সময়ত ক্ৰিষ্টিনাৰ মৃতদেহটো উতি গৈ নৈৰ পাৰত লাগি ধৰিল আৰু তাৰপৰাই মৃতদেহটো উদ্ধাৰ কৰা হয়৷
লগতে পঢ়ক ৰণবীৰ-আলিয়াৰ বিয়া : নিমন্ত্ৰণ মাত্ৰ ২৮ গৰাকী অতিথি, কোন কোন তেওঁলোক?
ইতিমধ্যে চাৰ্লছৰ বিৰুদ্ধে আইনী বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হৈ গৈছে৷ আদালতে প্ৰেমিকাক হত্যা কৰাৰ অপৰাধত চাৰ্লছক ১৬ বছৰৰ কাৰাদাণ্ড বিহিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰিছে যে চাৰ্লছে মানসিক অস্থিৰতাৰ বাবে প্ৰেমিকা ক্ৰিষ্টিনাক অতি বৰ্বৰতাৰে হত্যা কৰে৷
ইফালে এই মানসিক অস্থিৰতাৰ বাবেই ক্ৰিষ্টিনাই চাৰ্লছৰ সৈতে থকা প্ৰেমৰ সম্পৰ্ক ছেদ কৰিবলৈ চেষ্টা কৰি আহিছিল৷ কিন্তু চাৰ্লছে সম্পৰ্কটো ছেদ কৰিবলৈ দিয়া নাছিল৷ আৰু অৱশেষত প্ৰেমিক চাৰ্লছে প্ৰেমিকা ক্ৰিষ্টিনাক অতি নৃশংসতাৰে হত্যা কৰে৷ ঘটনাটো ফিলিপাইনছত সংঘটিত হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ