এটা আই টি প্ৰতিষ্ঠানে নিজৰ প্ৰতিষ্ঠানত কৰ্মৰত ১০০ গৰাকী কৰ্মচাৰীক একোখনকৈ বাহন উপহাৰ দিছে৷ সোমবাৰে প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকলক এই বাহনসমূহ প্ৰদান কৰে৷
এই প্ৰতিষ্ঠানটো হৈছে চেন্নাইৰ৷ আইডিয়াজটু আইটি নামৰ প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকলৰ কৰ্তব্যনিষ্ঠা, প্ৰচেষ্টা, সমৰ্থন আৰু অৰিহণাৰ বাবেই প্ৰতিষ্ঠানটোৱে সফলতা লাভ কৰা বুলি প্ৰকাশ কৰি ১০০ খন বাহন উপহাৰ হিচাপে আগবঢ়াইছে৷
‘‘আমি আমাৰ ১০০ গৰাকী কৰ্মচাৰীক ১০০ খন বাহন উপহাৰ হিচাপে আগবঢ়াইছো৷ তেওঁলোক যোৱা ১০ বছৰ ধৰি আমাৰ প্ৰতিষ্ঠানৰ অংশ৷ এতিয়া আমাৰ ৫০০ কৰ্মচাৰী আছে৷ আমাৰ নীতি হৈছে আমি যি সম্পদ আহৰণ কৰিছো তাৰ পৰাই আমাৰ কৰ্মচাৰীসকলকো আমি প্ৰদান কৰি যোৱা৷’’ প্ৰতিষ্ঠানটোৰ বাণিজ্যিক শাখাৰ প্ৰধান হৰি সুব্ৰমণিয়ামে কয়৷
লগতে পঢ়ক ৰণবীৰ-আলিয়াৰ বিয়া : নিমন্ত্ৰণ মাত্ৰ ২৮ গৰাকী অতিথি, কোন কোন তেওঁলোক?
প্ৰকাশিত খবৰ অনুসৰি উপহাৰ হিচাপে প্ৰদান কৰা আটাইবোৰ বাহনেই ভাৰতীয় বাহন নিৰ্মাতা প্ৰতিষ্ঠান মাৰুতি চুজুকী ব্ৰেণ্ডৰ মাৰুতু ছুইফ ডিজেয়াৰ৷
প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক মুৰলী বিবেকানন্দনে কয় যে কৰ্মচাৰীসকলে প্ৰতিষ্ঠানটোত কেৱল কঠোৰ পৰিশ্ৰম কৰাৰ বাবেই বাহনসমূহ দিয়া হোৱা নাই, তেওঁলোকে কঠোৰ পৰিশ্ৰমেৰে বাহনসমূহ আহৰণহে কৰিছে৷
লগতে পঢ়ক বৰষুণত তিতি তিতি কৰ্তব্য পালন, ভাইৰেল হোৱা আৰক্ষী জোৱানজন কোন আছিল?
‘‘সাত-আঠ বছৰৰ আগতে আমি প্ৰতিশ্ৰুতি দিছিলো যে আমি লক্ষ্যত উপণীত হ’লে প্ৰতিষ্ঠানে অৰ্জন কৰা সম্পদ আমাৰ মাজত ভগাই ল’ম৷ তেওঁলোকক বাহনসমূহ দিয়াৰ এইটো হৈছে ইয়াৰ প্ৰথমটো পদক্ষেপ৷ অদূৰ ভৱিষ্যতে এনেধৰণৰ আৰু পদক্ষেপ গ্ৰহণ কৰিম৷’’ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক মুৰলী বিবেকানন্দনে কয়৷
উল্লেখ্য যে কিছুদিন পূৰ্বে চেন্নাইৰে কিছফ্লউ নামৰ ছফ্ট’ৱেৰ প্ৰতিষ্ঠান এটাই প্ৰতিষ্ঠানটোৰ পাঁচগৰাকী বিষয়াক ১ কোটি টকীয়া বিএম ডব্লিউৰ পাঁচখন বাহন উপহাৰ দিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ