চলিত মাহৰ আৰম্ভণিতেই গুজৰাটৰ সুৰাটৰ আব্দুল্লা নানাবাৱাৰ পৰিয়ালত সুখৰ জোৱাৰ উঠিছিল৷ কাৰণ ঈদ পালন কৰিবলৈ লণ্ডৰ পৰা আব্দুলা, তেওঁৰ পুত্ৰ আৰু পুত্ৰবধু লগতে নাতিনী আহিছিল পিতৃগৃহলৈ৷ ঈদ উপলক্ষে পৰিয়ালৰ লোকক ছাৰপ্ৰাইজ দিবলৈকে ভাৰতলৈ আহিছিল ভাৰতীয় বংশোদ্ভুত আকিল আৰু তেওঁৰ পৰিয়াল৷ বৃহস্পতিবাৰে পুৱা আকিল আৰু তেওঁৰ পত্নীয়ে লণ্ডনলৈ উভতি যোৱাৰ বাবে আহমেদাবাদত উপস্থিত হয়৷ দুপৰীয়া সেই অভিশপ্ত বিমানতেই আছিল আকিল আৰু তেওঁৰ পৰিয়ালৰ ওভতনি যাত্ৰাৰ টিকট৷ আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰণৰ ক্ষন্তেক পাছতেই সকলো শেষ৷ আকিল আৰু তেওঁৰ পত্নী কন্যা এই পৃথিৱীত নাথাকিল৷ আব্দুল্লাৰ ঘৰলৈ এই খবৰ যোৱা মাত্ৰকেই সকলো ভাঙি পৰিছে শোকত৷
নানাবাৱাৰ পৰিয়ালৰ এগৰাকী আত্মীয় ৰছিদ মনচুৰিয়ে ইণ্ডিয়ান এক্সপ্ৰেছক কয়, ‘আমি সংবাদমাধ্যমৰ জৰিয়তেহে এই ভয়াৱহ ঘটনাৰ খবৰ লাভ কৰো৷ আব্দুল্লা আৰু তেওঁৰ পত্নী সন্তান আৰু কেইবাজনো সদস্যৰ সৈতে আহমেদাবাদৰ উদ্দেশ্যে ৰাওনা হৈছে৷ আমি নাজানো আকিল আৰু তেওঁৰ পত্নীৰ সৈতে কি হৈছে৷’ পাৰিবাৰিক সূত্ৰই জনাইছে যে আকিলে এই বছৰৰ ৬ জুনত বকৰিদ উদযাপনৰ বাবে সুৰাটলৈ অহাৰ পৰিকল্পনা সম্পৰ্কে কাকোৱেই জনোৱা নাছিল৷ ঈদৰ দিনাই তেওঁ হঠাৎ পিতৃগৃহত হাজিৰ হৈছিল৷ সকলো অবাক লৈ গৈছিল৷ আব্দুল্লা আৰু পৰিয়ালৰ অইন সদস্যসকলো খুবেই সুখী হৈছিল আকিলৰ আগমনত৷ সূত্ৰই জনাইছে যে আব্দুল্লাহে বিগত ১৫ বছৰ ধৰি সুৰাটৰ হৰিপুৰা এলেকাত ধৰা পিতৃগৃহত বসবাস কৰিছিল৷ আকিলসহ চাৰি সন্তান অৱশ্যে লণ্ডনতেই থাকে৷ চাৰিজনৰেই ব্ৰিটিছ নাগৰিকত্ব আছিল৷
দুৰ্ঘটনাগ্ৰস্থ বিমানখনত থকা আৰু এটা পৰিয়াল আছিল মধ্য গুজৰাটৰ আনন্দ জিলাৰ হালানি পৰিয়াল৷ BJPৰ চিনিয়ৰ নেতা বদৰুদ্দিন হালানি, আৰু তেওঁৰ পত্নী ইয়াছমিন আৰু শ্যেলিকা হালানি মালেকবেন ৰাজাবালিও বিমানখনত আছিল৷ বদৰুদ্দিনেও তেওঁৰ কন্যাক লগ কৰিবলৈ লণ্ডনলৈ যাত্ৰা কৰিছিল৷ পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই এই কথা জনাইছে৷ প্ৰতিবছৰে তেওঁ লণ্ডনলৈ যায় আৰু কেইমাহমান কন্যাৰ ঘৰত কটাই আকৌ ভাৰতলৈ উভতি আহে৷ কিন্তু এইবাৰ তেওঁ লণ্ডনলৈ গৈ কন্যাক লগ কৰা পূৰ্বেই এই পৃথিৱীক বিদায় জনালে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















