২০২৪ৰ বাজটত কি কি পালে অসমে, কি সদৰি কৰিলে বিত্তমন্ত্ৰীয়ে
২০২৪ৰ বাজেট ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে । সপ্তমবাৰৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতামৰণে বাজেট দাখিল কৰে। দাখিল কৰা বাজেট অনুসৰি এইবাৰ চৰকাৰ গঠনত কিং মেকাৰ পৰিণত হোৱা নীতিশ কুমাৰ আৰু চন্দ্ৰ বাবু নাইডুৰ ৰাজ্য বিহাৰ-অন্ধ্ৰপ্ৰদেশলৈ বহু সুবিধা ঘোষণা।
এই ক্ষেত্ৰত অসমে কি পালে বাজেটৰ পৰা। উত্তৰ পূৱ তথা অসমৰ বাবে কি বিশেষ আছে এই বাজেটত। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা অনুসৰি বান পৰিস্থিতিৰ বাবে বিশেষ আঁচনি গ্ৰহণ।
বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত এই ঘোষণা কৰি কয় যে, অসমক প্ৰতিবছৰেই ভয়ংকৰ বানে ধুই যায়। বানৰ ফলত ৰাজ্যখনত বিস্তৰ ক্ষতি হয়। এই ক্ষয়-ক্ষতিৰ পৰিমাণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব ।
সমগ্ৰ দেশৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ২০২৪-২৫বৰ্ষৰ বাজেটত ১১,৫০০কোটি টকা ধাৰ্য কৰা হৈছে। এই ধনৰে দেশৰ বান বিধ্বস্ত ৰাজ্য কেইখনত বিশেষ আঁচনি গ্ৰহণ কৰা হব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে। এই বান বিধস্ত ৰাজ্যৰ ভিতৰত অসমৰো নাম সন্নিবিষ্ট।
ইয়াৰ উপৰিও আছে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ। সমগ্ৰ দেশজুৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাত আৰু ৩ কোটি ঘৰ দিয়াৰ কথাও ভাষণত উল্লেখ কৰে বিত্তমন্ত্ৰী সীতাৰমনে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ