বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহৰেই নিজৰ নিজৰ অৱস্থান অনুসৰি বহু ৰাশিৰ জাতক জাতিকাই জীৱনত নানান প্ৰভাৱ পৰে৷ বুধ হৈছে বাণী, সঞ্চাৰ, ব্যৱসায়, বৃদ্ধি, অৰ্থব্যৱস্থাৰ কাৰক৷ আৰু সেই বুধেই ৰাশি সলনি কৰিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ মে মাহতেই আছে বুধৰ গোচৰ৷ বুধে মে মাহৰ আৰম্ভণিৰ পৰাই মেষ ৰাশিত থাকিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ জানি থওক লাকী জাতক কোন কোন?
মিথুন ৰাশি
আপোনাৰ বাবে বুধৰ গোচৰ ইতিবাচক হ’ব পাৰে৷ বুধ গ্ৰহ আপোনাৰ ৰাশিৰ একাদশতম স্থানত থাকিব৷ এই সময়ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব৷ উপাৰ্জনৰ নতুন নতুন ৰাস্তা তৈয়াৰ হব৷ কৰ্মক্ষেত্ৰত উন্নতিৰ পথ খুলিব৷ দৰমহা বৃদ্ধি আৰু ডাঙৰ ডাঙৰ পদ পাব পাৰে৷ কেৰিয়াৰত অপ্ৰত্যাশিত উন্নতিৰ যোগ তৈয়াৰ হ’ব৷ সন্তানৰ সৈতে জড়িত কোনো সুখবৰ পাব পাৰে৷
সিংহ ৰাশি
এই ৰাশি পৰিবৰ্তন আপোনাৰ গোচৰ কুণ্ডলীৰ নৱম স্থানত আছে৷ এই সময়ত আপুনি পাব ভাগ্যৰ সহায়তা৷ আয় বৃদ্ধি হ’ব পাৰে৷ কোনো ডাঙৰ পৰিকল্পনাত সফল হ’ব৷ কৰোবাত ব্যৱসায়িক সূত্ৰে বা কামৰ সূত্ৰে যাব পাৰে৷ এই সময়ত কোনো ধাৰ্মিক বা মাঙ্গলিক কাম কৰিব পাৰে বিদ্যাৰ্থী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত যিসকলে অংশ ল’ব খুজে তেওঁলোকে সাফল্য লাভ কৰিব৷ এই সময় সিংহ ৰাশিৰ বাবে সকলো দিশৰ পৰাই অনুকূল৷
তুলা ৰাশি
এই গোচৰ আপোনাৰ ৰাশিৰ জীৱনসংগী বা পাৰ্টনাৰৰ সৈতে জড়িত৷ কোনো অংশীদাৰীৰ কাম এই সময়ত ভালকৈ হ’ব পাৰে৷ পৰিয়াল পৰিস্থিতি ভালে থাকিব৷ সুখ শান্তিৰে ভৰি থাকিব ঘৰ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব৷ সদস্যসকলৰ মাজত ভাল সম্পৰ্ক থাকিব৷ আপোনাৰ সম্পৰ্কসমূহ পূৰ্বতকৈ ভাল হ’ব৷ কেৰিয়াৰত অপ্ৰত্যাশিত উন্নতি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















