জ্যোতিষশাস্ত্ৰ অনুসৰি বক্ৰী চলন আৰম্ভ হ’লেই তেতিয়া তাৰ প্ৰভাৱ নানান ভাৱে লক্ষ্য কৰা যায়৷ আৰু সেই গ্ৰহই বক্ৰীদশা এৰি মাৰ্গী হ’লে তাৰ প্ৰভাৱ দেশ দুনীয়া আৰু বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত পৰে৷ আৰু কেইবাদিনৰ ভিতৰত দুটা গুৰুত্বপূৰ্ণ গ্ৰহই একেলগে বক্ৰীদসা এৰি মাৰ্গী হ’ব৷ এই দুই গ্ৰহ হৈছে বুধ আৰু শনি৷ ৫০০ বছৰৰ পাছত এই দুই গ্ৰহই একেলগে বক্ৰী চলন এৰি মাৰ্গী হ’ব৷
বুধ আৰু শনিৰ চলন
বৈদিক জ্যোতিষত বুধক যুৱৰাজ গ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহ বাকশক্তি, জ্ঞান, বুদ্ধি আৰু ব্যৱসায় বুদ্ধিৰ ওপৰত প্রভাৱ বিস্তাৰ কৰে৷ সূৰ্যৰ সকলোতকৈ কাষৰ এই গ্ৰহে প্ৰায় প্ৰতিমানে নিজৰ অৱস্থান পৰিবৰ্তন কৰে৷ অন্যহাতে শনি হৈছে সকলোতকৈ ধীৰ গ্ৰহ৷ এটা এটা ৰাশিত এই গ্ৰহই আঢ়ৈ বছৰ অৱস্থান কৰে আৰু সমগ্ৰ ৰাশিচক্ৰ ঘুৰি আহিবলৈ শনিৰ ৩০ বছৰ সময় লাগে৷
বুধ আৰু শনিৰ বৰ্তমান অৱস্থান
বৰ্তমান বুধ আছে বৃশ্চিক ৰাশিত৷ আগন্তুক ২৩ নৱেম্বৰ বুধে বৃশ্চিক এৰি তুলা ৰাশিত প্ৰৱেশ কৰিব৷ আগন্তুক ২৯ নৱেম্বৰত বুধে বক্ৰীদশা এৰি মাৰ্গী হ’ব৷ অন্যহাতে শনি বৰ্তমান আছে মীন ৰাশিত আৰু বক্ৰী শনি আগন্তুক ২৮ নৱেম্বৰত মাৰ্গী হ’ব৷ অৰ্থাৎ পাছৰ দুই দিনত বুধ আৰু শনিয়ে চিধা চলন আৰম্ভ কৰিব৷ ৫০০ বছৰৰ পাছত এই দুই গ্ৰহই একেলগে মাৰ্গী হ’ব৷ অৰ্থাৎ দুই দিনত বুধ আৰু শনিয়ে চিধা চলন আৰম্ভ কৰিব৷ ৫০০ বছৰৰ পাছত এই দুই গ্ৰহই একেলগে মাৰ্গী হ’ব৷ জ্যোতিষ গণনাই কৈছে ইয়াৰ ফলত ভাল সময় আৰম্ভ হ’ব ৩ ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক তালিকাত কোন কোন আছে?
মিথুন ৰাশি
৫০০ বছৰৰ পাছত বুধ আৰু শনিয়ে একেলগে মাৰ্গী হোৱাত মিথুন ৰাশিৰ জাতকৰ জীৱনলৈ ডাঙৰ পৰিবৰ্তন আহিব৷ সকলো সমস্যাৰ অৱসান হৈ জীৱনলৈ শান্তি উভতি আহিব৷ মনৰ ওপৰত চাপ কমিব৷ কেৰিয়াৰত উন্নতিৰ গ্ৰাফ ওপৰলৈ উঠিব৷ সহকৰ্মী বা চিনিয়ৰসকলৰ সমৰ্থন পাব পাৰে৷ সংসাৰত সকলো ভুল বুজাবুজিৰ অৱসান হ’ব৷ আত্মবিশঊআস বাঢ়িব আৰু জটিল পৰিস্থিতিও আপুনি সহজে সমাধান কৰিব পাৰিব৷
মকৰ ৰাশি
বুধ আৰু শনিৰ মাৰ্গী হ’লে মকৰ ৰাশিৰ জাতকৰ জীৱনত সুখৰ সময় আৰম্ভ হব৷ অফিচত আপোনাৰ বক্তব্য আৰু মতামত সকলোৰে পছন্দ হ’ব৷ সকলো কামতেই পজিটিভ ফলাফল পাব৷ ৰৈ থকা ব্যৱসায়িক চুক্তি নতুনকৈ আৰম্ভ কৰিব পাৰে৷ ব্যক্তিগত সম্পৰ্কৰ মাজত দূৰত্ব কমি মানসিকভাৱে কাষ চাপিব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ ৰৈ থকা ধন উভতাই পাব৷ মানসিকভাৱে সুখী থাকিব আপুনি৷
কুম্ভ ৰাশি
শনি আৰু বুধৰ চিধা চলনৰ গভীৰ প্ৰভাৱ পৰিব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ এই দুই গ্ৰহ মাৰ্গী হ’লে আপোনাৰ জীৱনলৈ খুবেই ভাল সময় আৰম্ভ হব৷ কামৰ প্ৰতি মনোযোগ বাঢ়িব৷ সকলো কামত পৰিকল্পনামতে আগবাঢ়িব৷ কেৰিয়াৰত উন্নতি হ’ব৷ স্বাস্থ্য পূৰ্বতলৈ ভাল হ’ব৷ নতুন চাকৰি পাব পাৰে৷ বিদেশৰ পৰাও চাকৰিৰ প্ৰস্তাৱ আহিব পাৰে৷ উচ্চশিক্ষাত সাফল্য পাব৷ মনত শান্তি থাকিব৷ জীৱনলৈ স্থিতিশীলতা আহিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















