অসম লাইভ২৪ঃ প্ৰায় ২০০ কোটি টকাৰ সংম্পত্তি দান কৰি সন্ন্যাস গ্ৰহণ কৰিছে গুজৰাটৰ এজন ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়ে। এইগৰাকী ব্যৱসায়ীৰ নাম ভৱেশ ভাণ্ডাৰী। তেওঁ জৈন ধৰ্মাৱলম্বী। ফেব্ৰুৱাৰী মাহত আনুষ্ঠানিকভাৱে নিজৰ সমস্ত সম্পত্তি দৰিদ্ৰৰ মাজত বিলাই দিছে ব্য়ৱসায়ী ভৱেশ আৰু তেওঁৰ পত্নীয়ে।
ইয়াৰ পূৰ্বে ২০২২ চনত দম্পত্তিহালৰ ১৯ বছৰীয়া কন্যা আৰু ১৬ বছৰীয়া পুত্ৰ সন্তানে সন্ন্য়াস গ্ৰহণ কৰিছিল। পুত্ৰ-কন্যাক দেখি অনুপ্ৰাণিত হৈয়েই দম্পত্তিহালে সন্ন্যাস গ্ৰহণ কৰা বুলি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ আগত প্ৰকাশো কৰিছে। ভৱেশ গুজৰাটৰ হিম্মতনগৰৰ ব্য়ৱসায়ী। কনষ্ট্ৰাকছন ব্য়ৱসায়ৰ সৈতেও তেওঁ যুক্ত হৈ আছিল। তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০০ কোটি। এই সকলো সম্পত্তিয়েই তেওঁ দান কৰি দিছে। বৰ্তমান তেওঁলোকে সন্ন্যাস গ্ৰহণ কৰিছে যদিও আগন্তুক ২২ এপ্ৰিলতহে তেওঁলোকে আনুষ্ঠানিক ভাৱে দীক্ষা গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে ভৱেশ আৰু তেওঁৰ পত্নীয়ে সমস্ত পাৰিবাৰিক বন্ধন ছিন্ন কৰিছে।
উল্লেখ্য যে, এগৰাকী কোটিপতি হীৰা ব্যৱসায়ী আৰু তেওঁৰ পত্নীয়েও একে পদক্ষেপ গ্ৰহণ কৰিছিল। ইয়াৰপূৰ্বে ২০১৭ চনত মধ্যপ্ৰদেশৰ ব্য়ৱসায়ী সুমিত ৰাঠৌৰ আৰু তেওঁৰ পত্নী অনামিকাইয়ো ১০০ কোটি টকাৰ সম্পত্তি দান কৰাৰ পাছত সন্ন্যাস গ্ৰহণ কৰি শিৰোনামলৈ আহিছে। তিনি বছৰীয়া কন্য়াক ককাক আইতাকৰ সৈতে ৰাখি ভিক্ষা কৰি খাইছে দুইগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ