হোলীৰ দিনা ঘৰলৈ আনক এই কেইবিধ সামগ্ৰী, বিশেষ আশীৰ্বাদ পাব মা লক্ষ্মীৰ
১৪ মাৰ্চ শুকুৰবাৰে দেশজুৰি উদযাপন কৰা হ’ব দৌল বা হোলী। ভাৰতীয়সকলৰ বাবে ই এক অতিকে উল্লেখযোগ্য উৎসৱ। এই দিনত সকলো লোকেই একেলগ হৈ ৰঙৰ উৎসৱৰ ফুৰ্তি কৰে। সকলো লোকৰে মন বোৰো ৰঙীন হৈ পৰে।
এই হোলীৰ সৈতে বাস্তু শাস্ত্ৰৰো সম্পৰ্ক আছে। মান্যতা অনুসৰি, হোলীৰ পূৰ্বে ঘৰলৈ এই কেইবিধ সামগ্ৰী অনাটো অতি প্ৰয়োজনীয়। তেতিয়া দেৱী লক্ষ্মীৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব।
বাম্বু প্লাণ্ট
বাস্তুৰ মতে ঘৰত সৌভাগ্যৰ প্ৰতীক বাম্বু প্লাণ্ট ৰখাটো অতি শুভ। এই গছজোপাৰ চাৰিওফালে ৰঙা বা হালধীয়া ৰঙৰ সূতা বান্ধি থব। ফলত এই গছজোপা সদায় সেউজীয়া হৈ থাকিব আৰু ইয়াৰ শুভ প্ৰভাৱ আপোনাৰ জীৱনত অব্যাহত থাকিব।
ৰূপৰ মুদ্ৰা
বাস্তু শাস্ত্ৰৰ মতে ৰূপ হৈছে ধন-সম্পত্তি আৰু সমৃদ্ধিৰ প্ৰতীক। লক্ষ্মী দেৱী ৰূপৰ মুদ্ৰাত বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়ে হোলীত লক্ষ্মী বা গণেশৰ প্ৰতিমূৰ্তি থকা ৰূপৰ মুদ্ৰা কিনিব। পিছত সেই মুদ্ৰাটো ঘৰৰ প্ৰভুৰ আসনত লক্ষ্মী মূৰ্তিৰ চৰণৰ ওচৰত ৰাখক। পূজাৰ পিছত সেই মুদ্ৰাটো পাৰ্চত ৰাখক।
কাছ
বাস্তুৰ মতে ধাতুৰে নিৰ্মিত কাছ বিশেষভাৱে শুভ। কাছ ভাল শক্তিৰ প্ৰতীক আৰু ধাতুৰে নিৰ্মিত কাছ ঘৰত ৰখাটো ভাল। হোলীৰ দিনা এটা সৰু কাছ কিনি উত্তৰ দিশত ৰাখক। ফলত পৰিয়ালত ইতিবাচক শক্তি অটুট থাকিব।
কেশৰ
কেশৰ দেৱী লক্ষ্মীৰ প্ৰিয় বুলি গণ্য কৰা হয়। সেয়ে হোলীত কেশৰ কিনি ঘৰলৈ লৈ আহিব। সেই কেশৰেৰে পায়স বনাই লক্ষ্মী দেৱীক অৰ্পণ কৰিব পাৰে। এনেদৰে প্ৰসাজ তৈয়াৰ কৰি আগবঢ়ালে পৰিয়ালত ধন-সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ