অসম লাইভ ২৪ঃ আন্দোলনৰো এটা সুকিয়া মজা আছে।অন্তত আজিৰ সময়ত আন্দোলন জীৱি অসমৰ একাংশ দল সংগঠনৰ ক্ষেত্ৰত এই কথাই প্ৰযোজ্য হব।আন্দোলনত নামত ক’ত জন ৰজা হ’ল, ক’ত জন হিৰ’ হ’ল সেই কথা আমি সকলোৱে দেখিছো বা জানছো।এটা সময়ত আছিল য’ত “কা” আন্দোলনক নিজৰ আৱেগৰ আন্দোলন দৰে প্ৰতিজন অসমীয়াই দহো বন কাতি কৰি আন্দোলনত জপিয়াই পৰিছিল।কিন্ত্ত সমগ্ৰ আন্দোলনটোক ৰাজপথৰ পাৰ খেলপথাৰলৈ তুলি নি ভুল পথেৰে পৰিচালিত কৰি সমগ্ৰ আন্দোলনটোক মহিমোৰ কৰাত হাত উজান দিলে একাংশ জাতিয় দল সংগঠনে। আৰু তাৰে একাংশ সংগঠনৰ নেতাই আন্দোলনৰ চল বুজি ৰাজনৈতিক দলত যোগদান কৰি ৰজা হোৱাৰ সপোন দেখিলে। পিছে দিল্লীত কোনো বুজনি কোনো প্ৰলোভনে কৃষকৰ আন্দোলনক নিশেষ কৰিব নোৱাৰি শেষত মোদী চৰকাৰে মৌখিক ভাৱে বাধ্য হ’ল তিনি কৃষি বিধেয়ক বাতিল কৰিবলৈ। তাকে দেখি এতিয়া অসমত একাংশ দল সংগঠনৰ পুনৰ “আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা”ৰ দৰে মনোভাৱ লৈ পুনৰ “কা” আন্দোলনক ঠন ধৰি তোলোৱাৰ যোজা চলাইছে। আৰু সেই ভাৱকেই সৰোগত কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সাংবাদিকৰ আগত মত বিনিময় কৰিলে কলে যে “জাতীয় সংগঠনৰ নেতৃত্ব দুৰ্বল হোৱাৰ বাবেই কা আন্দোলন স্তিমিত হৈ পৰিছিল।ৰাজপথৰ আন্দোলন খেলপথাৰত আবদ্ধ হৈ আন্দোলনৰ নামত নাচ গান চলিল।বহুতে কোৱা শুনিছো যে মই আন্দোলন কৰি বিধায়ক হ’লো।মোৰ জীৱন মই উছৰ্গা কৰিছো আন্দোলনৰ বাবেই।পুনৰ আন্দোলনৰ বাবে বিধায়ক পদ মই ত্যাগ কৰিবলৈ সাঁজু।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















