অসম লাইভ ২৪ঃ গোদি মিডিয়া বুলি ক’লেই এতিয়া দেশত সচেন ৰাইজৰ মুখত দেখা পোৱা যায় এক আমনিদায়ক আৰু পুতৌ লগা চাৱনি। কিয়নো দেশত বাতৰি প্ৰচাৰৰ নাম লৈ গোদি মিডিয়াই কি পৰিস্থিতিৰ সৃষ্টি কৰিছে সেয়া হয়তো প্ৰতিগৰাকী দেশবাসীয়ে বুজি উঠিছে । সেয়ে মোদী ভক্তসকলৰ বাহিৰে এতিয়া গোদি মিডিয়াই সকলো ফালে থু থুৰ সন্মুখীন হ’ব লগা হৈছে। ঠিক পূৰ্বৰ দৰে এইবাৰো আকৌ চূড়ান্ত অপমানৰ সন্মুখীন হ’ব লগা হ’ল গোদি মিডিয়াখ্যাত এটা ব্যক্তিগত টিভি চেনেলৰ এজন এংকৰ। সুশান্ত সিনহা নামৰ এজন এংকৰে নিজে পৰিচালনা কৰা এটা অনুষ্ঠানলৈ পেনেল অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকক। কিন্তু অনুষ্ঠানৰ মাজতে এংকৰ সুশান্ত সিনহাই মেজাজী স্বভাৱেৰে ৰাজ্যপালক প্ৰশ্ন কৰিছিল যে কৃষক আন্দোলনক যদি আপুনি সমৰ্থন কৰে তেন্তে কিয় আপুনি ৰাজ্যপালৰ পদ ত্যাগ কৰি কৃষক আন্দোলনক পুৰ্ণ সমৰ্থন নকৰে? এংকৰৰ এই প্ৰশ্নতে খৰ্গহস্ত হৈ পৰা ৰাজ্যপাল মালিকে লগে লগে নিজৰ দেহত লগাই থোৱা মাইক খুলি অনুষ্ঠান ত্যাগ কৰাৰ লগতে বক্তব্য ৰাখে যে যদি মই পদত্যাগ কৰিব লাগে তেন্তে মোক এই নিৰ্দেশ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিয়ে দিব লাগিব। এজন টিভি এংকৰে এই সন্দৰ্ভত মোক কিয় প্ৰশ্ন কৰিব এই অনুষ্ঠানত। ইয়াৰ ওপৰিও ভৱিষ্যতে এনে অনুষ্ঠানলৈ নিমন্ত্ৰণ নিদিয়াৰ উপৰি এনে টিভি চেনেলৰ সাংবাদিক ভৱিষ্যতে চৌহদত প্ৰৱেশ কৰাত বাধা আৰোপ কৰিবলৈ অন কেমেৰাতে উল্লেখ কৰি যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ