কেবিনেট বৈঠকৰ পাছতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল৷
সংবাদমেলত কেইবাটাও বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷
ৰাজ্যৰ বাইক আৰোহী, অট’ ৰিক্সা, ই-ৰিক্সালৈ সকাহ
এতিয়াৰে পৰা ভৰিব নালাগে ফাইন
আৰক্ষীয়ে মন গলেই যাৱতীয় নথি-পত্ৰ নথকাৰ অভিযোগত কাটিব নোৱাৰিব চালান
লাইচেন্স, RC, প্ৰদূষণ প্ৰমাণপত্ৰ, ইঞ্চুৰেন্স কাগজ নহ’লেও চলাব পাৰিব বাইক
ড্ৰিংক এণ্ড ড্ৰাইভৰ ক্ষেত্ৰতো আৰক্ষীয়ে কাটিব নোৱাৰিব চালান
কেৱল ল’ব পাৰিব আইনী ব্যৱস্থাহে
যাৱতীয় কাগজ-পত্ৰ নাথাকিলে বাইক আৰোহীক হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে
কেৱল জাননী জাৰী কৰিব পাৰিব বাইক আৰোহীক
কেৱল হেলমেট নিপিন্ধিলেহে ল’ব পাৰিব ফাইন
কেবিনেটত লোৱা হ’ল এই বৃহ সিদ্ধান্ত
অটো ৰিক্সা ই-ৰিক্সাৰ ক্ষেত্ৰতো আহি গ’ল নতুন নিয়ম
অপৰাধ কৰিলেই লগে লগে বিহিব নোৱাৰিব জৰিমনা
চাৰি বাৰ অপৰাধ কৰাৰ পাছতহে গ্ৰহণ কৰিব পাৰিব জৰিমনা
আৰক্ষীয়ে নথি-পত্ৰৰ অজুহাত দেখুৱাই অট’ ৰিক্সা, ই-ৰিক্সাৰ পৰা ল’ব নোৱাৰিব জৰিমনা
অহা ১৫ দিনতেই এই সন্দৰ্ভত প্ৰকাশ পাব SOP।
নলবাৰীত ৩৫০ OBB শিক্ষক আছে, তেওঁলোকৰ বাবে CMAAA এই আচঁনি আনিব ৰাজ্য চৰকাৰে৷
সৰ্বশিক্ষাত ৩৫ হাজাৰ শিক্ষকৰ পদ সৃষ্টি কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ৷
সৰ্বশিক্ষাত কাম কৰি থকা সকলোৱে আবেদন কৰিব পাৰিব।
প্ৰমোচনৰ প্ৰক্ৰিয়া বন্ধ হৈ থকা কাৰণে চৰকাৰৰ এই সিদ্ধান্ত।
ৰেগুলাৰ নোহোৱা বাবে এই পদক্ষেপ চৰকাৰৰ৷
শিলচৰত হোৱা কেবিনেটত কৰিমগঞ্জ আৰু হাইলাকান্দিৰ খোৱা পানীৰ দুটা প্ৰকল্পত কেবিনেটৰ অনুমোদন।
গুৱাহাটীৰ আজাৰত সভাগৃহ আৰু ডিব্ৰুগড়ত ইস্কনক মাটি আবণ্টন।
পঞ্চায়তৰ ইঞ্জিনিয়াৰিঙৰ প্ৰমোচনৰ কাম শিঠিল কৰাৰ সিদ্ধান্ত৷
পঞ্চয়ত পৰ্যায়ত এক কেবিনেট কমিটি গঠনৰো নিৰ্দেশ৷
পঞ্চায়তে বজাৰৰ পৰা ধন উঠোৱাটো বন্ধ কৰিব পাৰি নেকি সেয়াই চাব এই কমিটিয়ে।
মহলদাৰৰ মইমতালি বন্ধ কৰাৰ বাবে এই ব্যৱস্থা।
সমগ্ৰ বজাৰ নিলামত দিয়া ব্যৱস্থা বন্ধ কৰাৰ বাবে চিন্তা কৰা হৈছে।
নলবাৰীৰ ৪ টা ধৰ্মীয় অনুষ্ঠানলৈ ৩ লাখ টকা কৈ অনুমোদন।
এটা প্ৰেক্ষাগৃহ আৰু আৱৰ্ত ভৱন হ’ব নলবাৰীত।
১৯ কিঃমিঃ নতুন মথাউৰি নিৰ্মাণ কৰা হব নলবাৰীত।
নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ বাবে উৰন সেতু নিৰ্মাণ কৰা হব।
নলবাৰীত হ’ব এখন ষ্টেডিয়াম।
ধমধমাত স্কীল ষ্টেন্টাৰ হ’ব তাক অনুমোদন দিয়া হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ