শোকাৱহ ঘটনা, নৱৰাত্ৰী বুলি গংগাজল আনিবলৈ গৈ একে পৰিয়ালৰ দুই ভাতৃসহ ৪ যুৱকে হেৰুৱালে প্ৰাণ
এক অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ বালীঘাট-ধৰমপুৰ ৰাজপথত। নৱৰাত্ৰী বুলি দেৱীৰ চৰণত ঢালিবলৈ গংগা পানী আনিবলৈ গৈ প্ৰাণ হেৰুৱালে ৪ গৰাকীকৈ যুৱকে।
আজি দেওবাৰে পুৱা সংঘটিত হয় এই ঘটনা। ৰাজ্যখনৰ বালীঘাট-ধৰমপুৰ পথত এখন চাৰিচকীয়া বাহনেৰে সৈতে চাৰি যুৱক ৰাজপথৰ পৰা বহ তললৈ সৰি পৰি প্ৰাণ হেৰুৱাই। ইয়াৰে দুই যুৱক সম্বন্ধত ভাতৃ বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, নৱৰাত্ৰী উপলক্ষে বাগেশ্বৰৰ পৰা সৰযু নদীৰ আনি আনিবলৈ বুলি গৈছিল। কিন্তু হঠাতে বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু পথৰ পৰা দ’ খাৱৈত বাগৰি পৰে।
দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা যুৱক কেইজনৰ বয়স ২২ৰ পৰা ২৬ৰ ভিতৰত। ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ চাৰিও যুৱকৰে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ