কেৱল সুনীল গগৈ নহয়, পত্নী-পুত্রৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ, গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা
ঢকুৱাখনা ঘটনাৰ নিত্য নতুন ঘটনাৰ দিশ উন্মোচন। উদ্ধাৰ হোৱা মৃতদেহ সুনীল গগৈৰ সলনি জাহাংগীৰ বুলি প্ৰমান হোৱাৰ পাছতে থানাত সুনীল গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ। কেৱল সুনীল গগৈয়ে নহয়, গগৈৰ পত্নী পুষ্পা গগৈ, পুত্র সৌৰভ গগৈ আৰু ভতিজাক জয়ন্ত গগৈৰ বিৰুদ্ধেও ৰুজু হৈছে গোচৰ।
IPC ৰ 120(B)/302/201/34 ধাৰাৰ 48/24 নম্বৰত গোচৰ ৰুজু। যি কোনো সময়তে আটক হ’ব পাৰে পত্নী-পুত্ৰ-ভতিজাক। পাছে অদ্যপি কোনো খা-খবৰ নাই সুনীল গগৈৰ।
প্ৰসংগ আছিল ঢকুৱাখনা সাপতীয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ হত্যাকাণ্ড। উদ্ধাৰ হোৱা এটা মুণ্ডহীন জ্বলি যোৱা মৃতদেহক লৈ সৃষ্টি চাঞ্চল্য আৰু ৰহস্যৰ। প্ৰথমে সেয়া সুনীল গগৈৰ মৃতদেহ বুলি চৰ্চা হৈছিল কিন্তু এতিয়া সেয়া সুনীল গগৈৰ মৃতদেহ নহয় বুলি প্ৰকাশ পালে DNA পৰীক্ষাৰ ৰিপ’ৰ্টত।
সেয়া সুনীল গগৈৰ সৈতে জল-জীৱন মিছনৰ কাম কৰা ৰাজমিস্ত্ৰী ধুবুৰী ফলিমাৰিৰ জাহাংগীৰ হুছেইনৰ হে। ইপিনে সুনীল ঘৰৰ ওচৰতে লাভ কৰা মৃতদেহৰ অংশৰ কাষত উদ্ধাৰ হৈছিল এটা তাবিজ। জাহাংগীৰ ভাতৃ জাহিদুৰে চিনাক্ত কৰিছিল সেই তাবিজ। তাৰ পাছতে ঘটনাই ললে নাটকীয় মোৰ।
শেহতীয়াকৈ জাহাংগীৰৰ DNA ৰ লগত ভাতৃ জাহিদুৰৰ DNA মিল খোৱাত আৰক্ষী নিশ্চিত হ’ল সেইয়া জাহাংগীৰ হুছেইনেই হয়। লখিমপুৰ আৰক্ষী অধীক্ষকে মঙলবাৰে সংবাদমেল যোগে এই কথা ঘোষণা কৰাৰ সমান্তৰালভাৱে সুনীল গগৈৰ বিৰুদ্ধে ৰুজু কৰিলে এটা গোচৰ। সেই অনুসৰি ঢকুৱাখনা আৰক্ষীৰ এটা দলে নিশাই সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ আৰু ভতিজা জয়ন্ত গগৈৰ নামত দুখনকৈ ন’টিচ জাৰি কৰাৰ লগতে পত্নী পুষ্পা গগৈ আৰু বৃদ্ধ মাতৃকো থানালৈ থানা হাজিৰ হ’ব নিৰ্দেশ দিছিল।
আজি পুৱা দহ বজাৰ ভিতৰত তেওঁলোক ঢকুৱাখনা থানাত হাজিৰ হয়। ইপিনে সন্ধান নাই জল জীৱন মিচনৰ ঠিকাদাৰ সুনীল গগৈৰ। সুনীল গগৈৰ পত্নীৰ প্ৰশ্ন- ‘‘আৰক্ষীয়ে সন্ধান নোপোৱাকৈ সুনীল গগৈয়ে হত্যাকাৰী বুলি কেনেকৈ জানিলে? এতিয়া জীৱিত অথবা মৃত অৱস্থাত সন্ধান লাগে সুনীল গগৈৰ।
আনহাতে সুনীলৰ সন্ধান দিওতালৈ ৫০হাজাৰ টকা ঘোষণা কৰিছে আৰক্ষীয়ে। সুনীল গগৈক ম’ষ্ট ৱাডেণ্ট ঘোষণা লখিমপুৰ আৰক্ষীৰ। উল্লেখ্য যে ১ জুনৰ নিশা ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ চোমনীত উদ্ধাৰ হৈছিল জ্বলি ছাই হোৱা মৃতদেহ। চিনাক্ত কৰিব নোৱৰাকৈ ঘাতকে জ্বলাই ছাই কৰি দিছিল মৃতদেহটো, লগতে মৃতদেহটোত নাছিল শিৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ