বছৰজুৰি যেনেকৈ নতুন নতুন সম্পৰ্কই যুঁটি বান্ধিছিল তেনেকৈ ২৪ চনত ঘটিছিল কেইবাগৰাকী তাৰকাৰো বিচ্ছেদ৷ অনুৰাগীক আচৰিত কৰি তোলা কিছু বিচ্ছেদ ঘটিছে ২০২৪ বৰ্ষত৷ উভটি চোৱা যাওক ২০২৪ চনৰ ৰিলেছনশ্বিপ ক্ৰাইছিচৰ গল্পসমূহ৷
এ আৰ ৰহমান আৰু ছায়ৰা বানুৰ বিচ্ছেদ
১৯৯৫ চনত এ আৰ ৰহমান আৰু ছায়ৰা বানুৰ বিবাহ হৈছিল৷ ঘৰৰ পছন্দমতেই দুয়োৱে বিয়া কৰাইছিল৷ দীৰ্ঘ ২৯ বছৰীয়া সংসাৰৰ অন্ত পৰিল ২০২৪ বৰ্ষত৷ তেওঁলোক আছে তিনিটাকৈ সন্তানো৷ খাতিজা, ৰহমান আৰু আমিন এই তিনি সন্তানো প্ৰায় বুজি উঠা বয়সৰেই৷ ২৯ বছৰীয়া সংসাৰৰ অন্ত পেলাই নৱেম্বৰৰ ২০ তাৰিখে ছায়ৰা বানুৰ সৈতে বিচ্ছেদ ঘোষণা কৰিছে এ আৰ ৰহমানে৷ আৰু ঠিক এই খবৰ ভাইৰেল হোৱাৰ পাছতেই ভাইৰেল হৈছিল আন এক খবৰ৷ এ আৰ ৰহমানে তেওঁৰ সহশিল্পী মোহিনী দে’ৰ প্ৰেমত পৰিছে৷
হাৰ্দিক আৰু নাতাশা
সম্পৰ্কৰ বয়স ৪বছৰ৷ আছে এটি সন্তানো৷ কিন্তু হঠাতেই দুয়োৱে কৰিলে বিচ্ছেদৰ ঘোষণা৷ চলিত বছৰৰ জুলাই মাহত হঠাৎ হাৰ্দিক আৰু নাতাশাই বিবাহবিচ্ছেদৰ কথা ঘোষণা কৰে৷ দুজনেই সামাজিক মাধ্যমত লিখিলে, ‘চাৰি বছৰ একেলগে থকাৰ পাছত নাতাশা আৰু মই বিচ্ছেদৰ সিদ্ধান্ত লৈছো৷ সম্পৰ্কটোক জীয়াই ৰখাৰ বাবে আমি প্ৰয়াস কৰিছিলো কিন্তু আমি দুজনেই নোৱাৰিলো৷ সেয়ে উভয়ৰে ভাল হওক ভাৱিয়েই বিচ্ছেদৰ সিদ্ধান্ত লৈছো৷ দুয়োৰে বাবেই এই সিদ্ধান্ত লোৱাটো কঠিন হৈছে যদিও পাৰস্পৰিক সন্মান আৰু এজনে আনজনৰ সংগও উপভোগ কৰিছো৷ একেলগে ভাল কিছু মুহূৰ্ত কটাইছো৷ এটা পৰিয়াল হৈ উঠিছিলো৷’ দুয়োৰে বিচ্ছেদৰ পাছতেই হাৰ্দিকেও নতুন প্ৰেম বিচাৰি পোৱা বুলি ছচিয়েল মিডিয়াত কিছু চৰ্চা চলা পৰিলক্ষিত হৈছে৷
ছানিয়া-ছোৱেইব
২০২৪ বৰ্ষৰ আৰম্ভণিতেই ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকেও বিচ্ছেদ গ্ৰহণ কৰিছে৷ বহুদিন ধৰি টলা গুজৱত ছিলমোহৰ মাৰিছে দুয়োৱে৷ সম্পৰ্ক কেতিয়াবাই শেষ হৈছিল৷ কিন্তু অফিচিয়েল বিচ্ছেদ হোৱা নাছিল৷ শেষত বিচ্ছেদৰ খবৰ দুয়োৱো ঘোষণা কৰাৰ লগে লগেই তৃতীয় বিবাহ কৰাই ছোৱেইব মালিকে৷ ছানিয়াৰ পিতৃয়ে জনাইছিল যে শৰিয়ত আইন অনুসৰি ছোৱেইবক খুলা দিছে ভাৰতৰ টেনিছ তাৰকা ছানিয়াই৷ খুলাৰ অৰ্থ হৈছে মুছলিম পত্নীয়ে এককভাৱে স্বামীৰ সৈতে বিচ্ছেদ ঘোষণা কৰা৷ ইফালে ছোৱেইবৰ ভনীয়েকেও জনাইছে যে এই বিচ্ছেদৰ বাবে ছোৱেইবেই দায়ী৷ কাৰণ ছানীয়াৰ সৈতে পত্নীৰ সম্পৰ্কত থাকোতেই একাধিক বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই পৰিছিল তেওঁ৷ ছানিয়া ছোৱেইবৰ বিয়াও কোনো এক সপোনৰ বিবাহ নাছিল৷ অষ্ট্ৰেলিয়াত খেলিবলৈ গৈ ছোৱেইব ছানিয়াৰ মাজত প্ৰথম সম্পৰ্কৰ পোখা মেলিছিল৷ ভাৰত পাকিস্তানৰ মাজত ৰাজনৈতিক সম্পৰ্ক তেতিয়াও বৰ উন্নত নাছিল৷ সকলো নেওচি প্ৰেমক সৰ্বস্ব ভাৱি ২০১০ চনত ছানিয়াৰ সৈতে বিয়া কৰাই ছোৱেইবে৷ কিন্তু এই সম্পৰ্কও ভাৰত-পাকিস্তানৰ ৰাজনৈতিক সম্পৰ্কৰ দৰেই তিক্ত হ’ল৷
অভিষেক-ঐশ্বৰ্য
বলীউড দিবা ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চনৰ বিচ্ছেদ হ’ব বুলিও ২০২৪ বৰ্ষত এক গুজব ভাইৰেল হৈছে৷ আনকি ঐশ্বৰ্য অভিষেকৰ পৰিয়ালৰ সৈতে নাথাকি কন্যাৰ সৈতে পৃথকে থাকে বুলিও এক সূত্ৰই প্ৰকাশ কৰিছিল৷ অৱশ্যে এতিয়ালৈকে ঐশ্বৰ্য অভিষেক দুয়োৱেই বিচ্ছেদৰ কথা ৰাজহুৱা কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ