চলিত বছৰত অষ্টম দৰমহা কমিছন কাৰ্যকৰ কৰিব পাৰে নৰেন্দ্ৰ মোদী চৰকাৰে৷ এই বিষয়ক লৈ জল্পনাৰ মাধ্যমেৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আহিছে সুখৰ খবৰ৷ বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই মহাৰ্ঘ ভাট্টা বা ডি এ প্ৰায় ৭০ শতাংশ পৰ্যন্ত বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে৷ কমিছনৰ প্ৰস্তাৱ মানি নতুন দৰমহা কাঠামো আৰম্ভ হোৱা পৰ্যন্ত অন্তত তিনিবাৰ ডি এ বৃদ্ধি পাব পাৰে৷
সাধাৰণভাৱে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে বছৰে বছৰে দুবাৰ মহাৰ্ঘ ভাট্টা পাব পাৰে৷ প্ৰথম বাৰ মাৰ্চত আৰু দ্বিতীয় বাৰ অক্টোবৰত৷ সূত্ৰৰ খবৰ অনুসৰি কমিছনৰ প্ৰস্তাৱ মানি নতুন দৰমহা কাঠামো আৰম্ভ কৰালৈকে ২০২৭ চনৰ মাৰ্চ পাৰ হৈ যাব৷ আৰু সেয়ে সংশ্লিষ্ট সময়সীমাৰ মাজত নিয়মমাফিক মুঠ তিনিবাৰ ডি এ পোৱা যাব বুলি আশাবাদী কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ একাধিক সংগঠনে? প্ৰশাসনিক স্তৰত এই বিষয়ক লৈ কোনো ঘোষণা হোৱা নাই৷
বৰ্তমান সপ্তম দৰমহা কমিছনৰ নিয়ম মানি মহাৰ্ঘ ভাট্টা পাইছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে৷ ইয়াৰ পৰিমাণ মূল দৰমহাৰ ৫৮ শতাংশ৷ সাধাৰণভাৱে ২ৰ পৰা ৪ শতাংশ পৰ্যন্ত বাঢ়ি থাকে ডি এ৷ সেই হিচাপত মাৰ্চত মহাৰ্ঘ ভাট্টাৰ পৰিমাণ ন্যূনতম ৬০ শতাংশ হোৱাৰ সম্ভাৱনা আছে৷ এই বছৰৰ অক্টোবৰ আৰু ২০২৭ চনৰ মাৰ্চ পৰ্যন্ত সেই হিচাপ ৭০শতাংশলৈ বাঢ়িব পাৰে৷
চৰকাৰী তথ্য অনুসৰি ২০০৬-১৬ চন পৰ্যন্ত চলি থকা ষষ্ঠ দৰমহা কমিছনত ডি এ বৃদ্ধিৰ অংক আছিল সৰ্বাধিক৷ সেই সময়সীমা কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীৰ মহাৰ্ঘ ভাট্টাৰ বাবদ মূল দৰমহাৰ ১২৫ শতাংশ পাইছিল৷ ১০০৬-২০০৬ চন পৰ্যন্ত চলি থকা পঞ্চম দৰমহা কমিছনত ৭৪ শতাংশ বৃদ্ধি পাইছিল ডি এ৷ অৰ্থাৎ তুলনামূলকভাৱে সপ্তম দৰমহা কমিছনত ধীৰ গতিত বাঢ়িছে মহাৰ্ঘ ভাট্টা৷
২০২০চনত কভিডৰ বাবে ১৮ মাহৰ বাবে চৰকাৰী কৰ্মচাৰীৰ ডি এ স্থগিতও ৰাখিছিল কেন্দ্ৰই৷ পাছত অৱশ্যে বকেয়া মহাৰ্ঘ ভাট্টা দি দিয়া হয় কৰ্মচাৰীসকলক৷ কিন্তু ইয়াৰ পৰাই হ্ৰাস পায় ডি এ বৃদ্ধিৰ গতি৷ সূত্ৰৰ খবৰ অনুসৰি এই ধৰণৰ সমস্যা এৰোৱাৰ বাবে তৎপৰ হৈছে অষ্টম দৰমহা কমিছন৷ ফলত আগন্তুক দিনত ডি এ বাঢ়িব পাৰে বুলি আশা কৰিছে বহুজনে৷
বিগত নৱেম্বৰত অষ্টম দৰমহা কমিছন গঠন কৰিছে কেন্দ্রই৷ কৰ্মচাৰীসকলৰ প্ৰস্তাবিত নতুন দৰমহা কাঠামো সংক্ৰান্তিয় ৰিপৰ্ট জমা দিয়াৰ বাবে তেওঁলোকক ১৮ মাহ সময় দিছে মোদী চৰকাৰে৷ ফলত নতুন নিয়মত ২০২৭ চনৰ মাজভাগৰ পূৰ্বে নতুন দৰমহা কাঠামো আৰম্ভ হোৱাৰ সম্ভাৱনা খুবেই কম৷ সেয়া আৰম্ভ হলে অৱশ্যে শূন্যলৈ নামি আহিব মহাৰ্ঘ্য ভাট্টা৷ একেই নিয়ম প্ৰযোজ্য হ’ব পেঞ্চনভোগীসকলৰ বাবেও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















