অসম লাইভ২৪ঃ তৃতীয় চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত পৰীক্ষা-নিৰীক্ষা চলাই থকাৰ সময়তে কঁপি উঠিল চন্দ্ৰপৃষ্ঠ। বৃহস্পতিবাৰে ইছৰোৰ তৰফৰ পৰা এটা টুইটত শ্বেয়াৰ হৈছে এই তথ্য। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জনোৱা অনুসৰি ২৬ আগষ্টত লেণ্ডাৰ বিক্ৰমে চন্দ্ৰত ‘প্ৰাকৃতিক ভুমিকম্প’ চিহ্নিত কৰিছে। ইছৰোৱে জনোৱা অনুসৰি লেণ্ডাৰৰ ভূমিকম্প চিনাক্তকাৰী পেলোড ইলছা( ইনষ্ট্ৰুমেণ্টছ ফৰ লুনাৰ ছিচমিক এক্টিভিটি)য়ে এই কম্পন চিনাক্ত কৰিছে। ইয়াৰ পূৰ্বেও ৰোভাৰ প্ৰজ্ঞানে এই ভূমিকম্প ধৰা পেলাইছে।
বৃহস্পতিবাৰে এক্স(টুইটাৰ) হেণ্ডেলত এটা পোষ্ট কৰিছিল ইছৰোৱে। ইছৰোৰ তৰফৰ পৰা টুইটত লিখা হৈছে, ‘তৃতীয় চন্দ্ৰযানৰ লেণ্ডাৰৰ পেলোড ইলছা, ৰোভাৰ আৰু অন্যান্য পেলোডৰ গতিবিধিৰ কাৰণে এই কম্পন ধৰা পৰিছে্। ইয়াৰপূৰ্বেও ২৬ আগষ্টত কম্পন ধৰা পৰিছিল। এয়া প্ৰাকৃতিকভাৱে হোৱা ভূমিকম্পই।’ এই কম্পনৰ উৎস কি সেই সম্পৰ্কেও জনাইছে ইছৰোৱে।
২৩ আগষ্টৰ সন্ধিয়া ৬বাজি ৪ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুত নামিছে চন্দ্ৰযান-৩ ৰ লেণ্ডাৰ বিক্ৰম। লেণ্ডাৰ বিক্ৰমৰ পৰা সফলভাৱে প্ৰজ্ঞান ওলাই আহি চন্দ্ৰৰ মাটিত অনুসন্ধান আৰম্ভ কৰিছে। ইতিমধ্যেই চন্দ্ৰৰ দক্ষিণ মেৰুত ছালফাৰৰ উপস্থিতিও লাভ কৰিছে প্ৰজ্ঞানে। ৬চকাৰ ৰোভাৰখনে ছেকেণ্ডত এক ছেণ্টিমিটাৰকৈ গতি কৰি চন্দ্ৰপৃষ্ঠত যাত্ৰা কৰিছে। প্ৰজ্ঞানৰ আয়ুস পৃথিৱীৰ হিচাপত মাত্ৰ ১৪ দিন। এই ১৪ দিনৰ বিতৰতেই সমগ্ৰ পৰীক্ষা সম্পন্ন কৰিব ৰোভাৰ প্ৰজ্ঞানে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ