ছ’চিয়েল মিডিয়াত বহু গ্ৰাহকে অভিযোগ কৰিছে যে ভাৰতীয় ষ্টেট বেংকে আগতীয়াকৈ নজনোৱাকৈ প্ৰতিষ্ঠানটোৰ বহু বেংক একাউণ্ট বন্ধ (freeze) কৰি দিছে। অভিযোগ অনুসৰি এই সময় প্ৰায়বোৰ মানুহৰ বাবে দৰমহাৰ সময় আৰু এনে অৱস্থাত একাউন্ট বন্ধ হোৱাৰ বাবে মানুহে নিজৰ ধন উলিয়াব পৰা নাই আৰু লগতে কোনো ধৰণৰ বিত্তীয় লেনদেনো কৰিব পৰা নাই৷ বেংকে আগতীয়াকৈ অৱগত নকৰাৰ বাবে অধিকাংশ গ্ৰাহকে একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে।
কিন্তু বিত্তীয় প্ৰতিষ্ঠানটোৱে সঁচাকৈয়ে গ্ৰাহক কোনো জাননী জাৰি নকৰাকৈ একাউন্টসমূহ বন্ধ কৰি দিছে নে? আচলতে বেংকে সেই একাউণ্টবোৰ বন্ধ কৰি দিছে, যাৰ KYC প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাছিল।
ইফালে এই অভিযোগ সন্দৰ্ভত বিত্তীয় প্ৰতিষ্ঠানটোৰ এজন উচ্চপদস্থ বিষয়াই জনাই যে পূৰ্বেই গ্ৰাহকসকলক এই বিষয়ে অৱগত কৰা হৈছে। ইয়াৰ পূৰ্বে গ্ৰাহকলৈও পত্ৰও প্ৰেৰণ কৰা হৈছিল। KYC কেৱাইচি সম্পন্ন কৰিবলৈ বেংকে বাৰে বাৰে একাউণ্টৰ গৰাকীক আহ্বান জনাই আহিছিল।
লগতে পঢ়ক কোনো অন্তৰায় নোহোৱাকৈ শোৱা কাৰ্যটো সমাপন কৰো আহক
কিন্তু একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি SBIৰ লগইন প’ৰ্টেলত KYCৰ আপডেটত গ্ৰাহকক কোনো সাধাৰণ তথ্য বা সতৰ্কবাণী দেখুওৱা হোৱা নাই। যেতিয়া গ্ৰাহকে এটিএম বা অনলাইন লেনদেন কৰিবলৈ চেষ্টা কৰে তেতিয়াহে এই তথ্য গ্ৰাহকে লাভ কৰে।
ইফালে ১ জুলাইৰ পৰা পৰিৱৰ্তিত নিয়মত KYCৰ সন্দৰ্ভত বাৰে বাৰে আপডেট দিয়া হৈছে। ক্ৰমবৰ্ধমান প্ৰৱঞ্চনাৰ বাবে ৰিজাৰ্ভ বেংকেও KYCক নিৰন্তৰভাৱে আপডেট কৰিবলৈ পৰামৰ্শ দি আহিছে।
ইয়াৰ পূৰ্বে ১০ বছৰত এবাৰ বেংকে কেৱাইচি আপডেট কৰিছিল। কিন্তু এতিয়া প্ৰতি তিনি বছৰৰ মূৰে মূৰে KYC আপডেচন হৈ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ