কংগ্ৰেছ নেতাৰ এটা পৰিয়ালে একেলগে সেৱন কৰিলে বি–, কেউজন নিহত
এক অতিকে শোকাৱহ ঘটনা পোহৰলৈ আহিছে। এটা পৰিয়ালে একেলগে গ্ৰহণ কৰিলে নিজকে শেষ কৰি দিয়াৰ চূড়ান্ত সিদ্ধান্ত। এই ঘটনা সংঘটিত হৈছে চত্তীছগড়ত। পৰিয়ালটোৰ এগৰাকী ৰাজ্যখনৰ কংগ্ৰেছ দলৰ জনপ্ৰিয় নেতা বুলি জানিব পৰা গৈছে।
ৰাজ্যখনৰ জাঞ্জগীৰ চম্পা জিলাৰ চিটি কোতৱালি থানা এলেকাৰ ১০ নং ৱাৰ্ডৰ বোধা পুখুৰীৰ নিবাসী পঞ্চৰাম যাদৱে (৬৫) পত্নী আৰু দুই পুত্ৰৰ সৈতে বিষ সেৱন কৰে। যাৰ বাবে বিলাসপুৰত চিকিৎসাৰ সময়ত চাৰিওজনৰ মৃত্যু হয়। বৰ্তমান আৰক্ষী বিষয়টোৰ তদন্তত ব্যস্ত।
লাভ কৰা তথ্য অনুসৰি যোৱা ৩০ আগষ্টত কংগ্ৰেছ নেতা পঞ্চৰাম যাদৱ, তেওঁৰ পত্নী দীনেশ নন্দনী যাদৱ (৫৫), সুৰজ যাদৱ (২৭), আৰু নীৰজ যাদৱে (৩২) একেলগে বিষ সেৱন কৰিছিল। পাছত ঘটনা চুবুৰিয়াৰ লোকে পৰিয়ালটোৰ কেউজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে জিলা চিকিৎসালয়ত ভৰ্তি কৰাইছিল।
কিন্তু অৱস্থা গুৰুতৰ হৈ পৰাত পাছত পৰিয়ালটোৰ সকলোকে বিলাসপুৰলৈ ৰেফাৰ কৰা হয়। পাছে ছিমছ হাস্পতালত চিকিৎসাৰ সময়ত মৃত্যু হয় নীৰজ যাদৱৰ।
আনহাতে পঞ্চৰাম যাদৱ, দীনেশ নন্দনী যাদৱ আৰু সুৰজ যাদৱ আৰ বি হাস্পতালত চিকিৎসাধীন হৈ আছিল। য’ত ৩১ আগষ্টৰ গভীৰ নিশা চিকিৎসাৰ সময়ত তিনিওজনৰ মৃত্যু হয়।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, যোৱা ৩০ আগষ্টত শাৰদা চক জাঞ্জগীৰৰ বাসিন্দা পঞ্চৰাম যাদৱ (৬৬), পত্নী দীনেশ নন্দনী যাদৱ (৫৫), পুত্ৰ নীৰজ যাদৱ (বাণ্টী) (২৮) আৰু সুৰজ যাদৱে (২৫) একেলগে বিষ সেৱন কৰিছিল। ঘৰৰ বাহিৰৰ কোনো লোকে গম নাপাবলৈ তেওঁলোকে সন্মুখৰ দুৱাৰত তলা মাৰি পিছফালৰ দুৱাৰেদি উভতি যোৱাৰ পিছত ভিতৰৰ পৰাও দুৱাৰখন বন্ধ কৰি দিছিল।
সকলোৱে মোবাইল চুইচ অফ কৰি থৈছিল। তথ্য অনুসৰি চুবুৰীৰ এগৰাকী ছোৱালী সদায় তেওঁৰ ঘৰলৈ আহিছিল। দুপৰীয়া ১২ বজাত সিহঁতৰ ঘৰলৈ গৈ তলা লগোৱা দেখি তাই পিছফালৰ পৰা গৈ মাত দিয়ে, তথাপিও কোনেও দুৱাৰখন খোলা নাছিল, তাৰ পিছত তাই উভতি যায়। কিবা অশুভ কথাৰ ভয়ত সন্ধিয়া সাত বজাত ওচৰৰ মানুহবোৰে খা খবৰ কৰে। চুবুৰীয়া আৰু তেওঁৰ আত্মীয়ই ঘৰৰ ভিতৰলৈ যোৱাৰ সময়ত সকলো সংকটজনক অৱস্থাত পৰি আছিল।
মুখৰ পৰা ফেন ওলাই আহিছিল আৰু বমিও হৈছিল। স্থানীয় লোকৰ সহায়তে নিশা প্ৰায় ৮ মান বজাত পৰিয়ালটোক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াত তেওঁৰ গুৰুতৰ অৱস্থা দেখি চিমছক নিশাতে বিলাসপুৰলৈ ৰেফাৰ কৰা হয়।
অদ্যপি পৰিালটোৰ একেলগে হোৱা মৃত্যুৰ কাৰণ সঠিককৈ জানিব পৰা হোৱা নাই। আৰক্ষীয়ে তদন্ত আব্যাহত ৰাখিছে। কিন্তু চুবুৰীয়াৰ মানুহে কোৱা অনুসৰি পৰিয়ালটো ঋণগ্ৰস্ত আছিল, তাতে আৰপ সেই ঋণৰ সুতো বহুত বৃদ্ধি পোৱাৰ বাবে তেওঁলোক চিন্তিত হৈ আছিল। অৱশ্যে তদন্তৰ অন্ততহে সত্য জানিব পৰা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















