অসম লাইভ২৪ঃ ৰাজ্যত অব্যাহত আছে বাল্য বিবাহ বিৰোধী অভিযান৷ এজনৰ পাছত আনজন স্বামীক আটক কৰিছে আৰক্ষীয়ে৷ তাৰমাজতেই আহিল আনটো বেয়া খবৰ৷ এগৰাকী বোৱাৰীয়ে পিতৃ-মাতৃ কাৰাগাৰলৈ যোৱাৰ আশংকাতে চৰম সিদ্ধান্ত ল’লে৷ ১২ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল মানকাচৰৰ খুচবু৷ ৰাজ্যজুৰি চলি থকা অভিযান দেখিয়েই শংকিত হৈ জীৱনৰ চৰম সিদ্ধান্ত ল’লে খুচবুৱে৷
২০১২ চনতে বিবাহপাশত আবদ্ধ হৈছিল খুচবু। স্বামী মনোজ মিঞাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ সময়ত খুচবুৰ বয়স আছিল মাত্ৰ ১২ বছৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে ক’ভিডত মৃত্যু হৈছিল খুচবুৰ স্বামীৰ। শেহতীয়াকৈ ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ সময়তে খুচবুৱে ল’লে চৰম সিদ্ধান্ত। ১২ বছৰ বয়সতে বিয়াত বহা খুচবুৱে পিতৃ–মাতৃ জে’ললৈ যোৱাৰ আশংকাতে এই সিদ্ধান্ত লোৱাৰ অভিযোগ উঠিছে। খচবুৰ চৰম সিদ্ধান্তৰ পিছত এতিয়া পিতৃগৃহত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ