সীমান্তৰ পৰা মাথো ২০ কিলোমিটাৰ, চীনে বনাই দিলে হেলিপেড, এতিয়া কি ?
ভাৰত-চীন সীমান্তত শক্তি বৃ্দ্ধি কৰি আছে চীনে, এইবাৰ চীনে নিৰ্মাণ কৰিলে এটা হেলিপেড। অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা মাথো ২০ কিলোমিটাৰ দূৰত্বতে নিৰ্মাণ কৰিছে এই হেলিকপ্টাৰ লেণ্ডিং কৰা ঠাই। যাৰ বাবে এতিয়া ভাৰতৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে।
চীনে এল অ চি ত অহৰহ কাৰ্যকলাপ কৰি আহিছে। কেইবাখনো মডেল গাঁও নিৰ্মণৰ পাছত এইবাৰ চীনে হেলিপেড নিৰ্মাণ কৰি পেলাইছে। চীনে নিজৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে এই হেলিপেড নিৰ্মাণ কৰি লৈছে। তাকো ভাৰত আৰু চীনৰ মাজৰ সবাতোকৈ বিতৰ্কিত ঠাইডোখৰতে নিৰ্মাণ কৰা হৈছে হেলিপেড।
আমেৰিকাৰ এক ছেটেলাইট কোম্পানী প্লেনেট লেব্ছে সদ্যহতে কেইখনমান ছেটেলাইট ফটো সদৰি কৰিছিল, যি ফটোৰ ভাৰতৰ ৰাজ্য অৰুণাচলপ্ৰদেশৰ সীমান্তৰ পৰা মাথো ২০ কিলোমিটাৰ দূৰত্বতে চীনৰ ভুমিত এক ৬০০ মিটাৰ দীঘল ৰানৱে দেখা পোৱা যায়। যি ফটোৰ পৰা স্পষ্ট প্ৰকাশ পাই যে, চীনে সীমান্তত হেলিপেড নিৰ্মাণ কৰি আছে।
বিগত ২০২৩ বৰ্ষত চীনৰ সেই স্থানত কোনো ধৰণৰ নিৰ্মাণকাৰ্য নাছিল। কিন্তু ১৬ ছেপ্টেম্বৰৰ প্ৰকাশিত ফটোত এইটো স্পষ্ট হৈ পৰে যে, চীনে সেই স্থানত উন্নত মানৰ নিৰ্মাণ কাৰ্য চলাই আছে। যি নিৰ্মাণ কাৰ্য সম্ভৱত চলিত বৰ্ষৰে জানুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল।
চীনে এই ক্ষেত্ৰত মন্তব্য কৰে যে, এই হিলিপেড কেৱল সীমান্তৰ গাঁও বোৰলৈ সামগ্ৰী যোগান ধৰাৰ বাবে নিৰ্মাণ কৰা। কিন্তু ভাৰতীয় সেনাৰ প্ৰাক্তন মেজৰ জেনেৰেল অশোক, যিয়ে কাৰগিল যুদ্ধত অংশ লৈছিল, তেখেতে এই সন্দৰ্ভত কয় যে, এই হেলিপেডৰ দুটাই প্ৰধান সুবিধা। এটা নিজৰ সুৰক্ষা বেষ্টনি অধিক শক্তিশালী কৰা আৰু এটা ভৱিষ্যতৰ সংঘৰ্ষত সহায় হোৱা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ